NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জামে মজিদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ইফটাৰত কেবিনেট মন্ত্ৰী অতুল বৰা

Posted by: উত্তম শইকীয়া June 9, 2018 8:14 pm
Atul Bora Iftar

বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই আজি বিয়লি বোকাখাতৰ জামে মজিদত অনুষ্ঠিত ৰাজহুৱা ইফটাৰত অংশ গ্ৰহন কৰে৷

অসম গন পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ বোকাখাত জিলা সমিতিয়ে আয়োজন কৰা এই ইফটাৰত অংশ গ্ৰহন কৰি মন্ত্ৰী অতুল বৰাই সকলোকে ৰমজান মাহৰ লগতে আগন্তুক পবিত্ৰ ঈদৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বোকাখাতৰ জামে মজিদৰ এই ইফটাৰ অনুষ্ঠানত বহি মন্ত্ৰী অতুল বৰাই ইফটাৰৰ ফলমুলো গ্ৰহন কৰে।

উল্লেখযোগ্য যে ইয়াৰ আগতে মন্ত্ৰী গৰাকীয়ে ধোৱাআটি বেলগুৰি গাঁৱলৈ গৈ দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰা মাইতি পেগুৰ বাসগৃহলৈ গৈ শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

আনহাতে ইফটাৰৰ পিছতেই মন্ত্ৰী গৰাকীয়ে অলপতে তীৰ্থ শৰ্মা নামৰ এজন যুৱকৰ কামনাৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লোৱা প্ৰয়াত মুনু ডেকা নামৰ যুৱতী গৰাকী বাসগৃহলৈ গৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।