NORTHEAST NOW (Assamese)
অসম

অসমৰ যুৱক-যুৱতীক ভৰ্তি কৰাত তৎপৰ জেহাদী মডিউল; হাই এলাৰ্ট জাৰি NIAৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2023 9:24 am

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে (NIA) উত্তৰ-পূবৰ ৰাজ্য অসমৰ বাবে “হাই এলাৰ্ট” জাৰি কৰিছে।

অসমৰ উপৰিও এন আই এয়ে আন চাৰিখন ৰাজ্য – তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটতো হাই এলাৰ্ট জাৰি কৰিছে।

বাতৰি অনুসৰি, পাকিস্তানস্থিত তেহৰিক-ই-তালিবান আৰু আল-কায়দাই যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পাঁচখন ৰাজ্য অসম, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটৰ প্ৰতি তেওঁলোক মনোযোগ কেন্দ্ৰীভূত কৰি আহিছে বুলি এন আই এয়ে জনাইছে।

লগতে পঢ়ক: দেশৰ ১৪ গৰাকী বাতৰি উপস্থাপকক বৰ্জনৰ সিদ্ধান্ত ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন?

উল্লেখ্য যে অসম আৰক্ষীয়ে, শেহতীয়াকৈ ৰাজ্যৰ বাহিৰত চলি থকা কেইবাটাও সন্ত্ৰাসবাদী মডিউল উৎখাত কৰিছিল।

আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰা বহু ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমান এন আই এয়ে এই সন্ত্ৰাসবাদী মডিউল উৎখাতৰ কেইবাটাও গোচৰৰ তদন্ত চলাই আছে।

লগতে পঢ়ক: Asia Cup: শ্ৰীলংকাৰ হাততো পৰাস্ত পাকিস্তান; এছিয়া কাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মহাৰণ

গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলে “মুছলমানসকলক জেহাদী সংগঠনত যোগদান আৰু উগ্ৰবাদী কাৰ্য”ত লিপ্ত হোৱাৰ বাবে পতিয়ন নিয়াই তথা প্ৰচাৰেৰে ভাৰতত আল কায়দা আৰু ইয়াৰ সংযুক্ত সংগঠনসমূহৰ বাবে ঘাটি নিৰ্মাণৰ বাবে মডিউলসমূত নিয়োজিত হৈছিল।