NORTHEAST NOW (Assamese)
Popular Stories

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ: দ্বাদশবাৰৰ বাবে যোগ্যতা অৰ্জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 9:45 am

এছিয়া কাপৰ চেমি ফাইনেলত বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰি ভাৰতে দ্বাদশবাৰৰ বাবে ফাইনেলত প্ৰবেশ কৰিছে। অভিষেক শৰ্মা আৰু কুলদীপ যাদৱৰ উজ্জ্বল প্ৰদৰ্শনে জয়ৰ দিশে লৈ যায় দলটোক।

প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ১৬৮ ৰান সংগ্ৰহ কৰিলে। অভিষেক শৰ্মাই মাত্ৰ ৩৭ বলত ৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলি দলক শক্তিশালী অৱস্থান প্ৰদান কৰে। তেওঁ ৫টা ছয় আৰু ৬টা চাৰি মাৰি মাত্ৰ ২৫ বলত অৰ্ধশতক অৰ্জন কৰে। আনহাতে শুভমন গিলে ২৯ ৰান, শিৱম ডুবে ২, সূৰ্যকুমাৰ যাদৱে ৫, তিৱাৰী বাৰ্মাই ৫ আৰু অক্ষৰ পেটেলে ১০ ৰানৰ অৱবদান অগবঢ়ায়।

ইফালে বলিংত কুলদীপ যাদৱে ৪ অভাৰত ১৮ ৰান দি ৩ উইকেট লাভ কৰে। বৰুণ চক্ৰৱৰ্তীয়ে ২ উইকেট দখল কৰি সহায় কৰিলে। যশপ্ৰীত বুমৰাহে প্ৰথম অভাৰতে অগ্ৰগতি দিলে যদিও মাজৰ অভাৰত কুলদীপ আৰু বৰুণে বাংলাদেশক ধৰাশায়ী কৰিলে। বাংলাদেশে ১২৭ ৰানতে ইনিংছ শেষ কৰে।

উল্লেখ্য যে ভাৰতে এছিয়া কাপত অটুট ৰাখিছে নিজৰ আধিপত্য। ভাৰতে ইতিমধ্যে ৮ বাৰককৈ- ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮ আৰু ২০২৩ চনত জয়ী হৈছে। এই বৰ্ষৰ এছিয়া কাপৰ ফাইনেল অনুষ্ঠিত হ’ব ২৮ ছেপ্টেম্বৰত।