NORTHEAST NOW (Assamese)
Popular Stories

চিৰাং দুৱাৰত মাত্ৰ ১৪৩টা ভোটত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2025 12:17 pm

দুপৰীয়া  ১২বজালৈকে হোৱা ভোটগণনাত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৪নং চিৰাং দুৱাৰ সমষ্টিত মাত্ৰ ১৪৩টা ভোটত আগবাঢ়ি আছে। ১২বজালৈকে হোৱা ভোট গণনাত  বিপিএফে ২৯৭৩টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ২৮৩০টা ভোট লাভ কৰিছে।

আনফালে হাগ্ৰামাই প্ৰতিদ্বন্দ্বিতা কৰা আনটো সমষ্টি ১০নং গৈবাৰী সমষ্টি। এই সমষ্টিটোত হাগ্ৰামা মহিলাৰীয়ে ৬৫৯টা ভোটত অগ্ৰগতি লাভ কৰি আছে। সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ২১২০টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে লাভ কৰিছে ২৭৭৯টা ভোট।