NORTHEAST NOW (Assamese)
অসম

ৰাজনীতি ত্যাগ কৰিব অখিল গগৈয়ে! জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত আন্দোলনৰ নেতৃত্ব দিব গগৈয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2025 5:18 pm

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিছে যে কাইলৈৰ পৰা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ অসমত প্ৰতিবাদৰ নেতৃত্ব দিব।

সোমবাৰে কাহিলীপাৰাত অনুষ্ঠিত জুবিন গাৰ্গৰ অধ্যাশ্ৰাদ্ধত অখিল গগৈয়ে কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি ৰাজপথত নামি আন্দোলন কৰিম। জুবিন গাৰ্গে ন্যায়ৰ বাবে প্ৰয়োজনত বিধায়ক পদৰ লগতে ৰাজনীতিও ত্যাগ কৰিম।

অখিল গগৈয়ে লগতে কয়, “ছাত্ৰাৱস্থাত থাকোঁতে সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ সাক্ষী আছিলো। লাখ লাখ লোকে ন্যায় বিচাৰিছিল যদিও পৰাগ কুমাৰ দাসক ন্যায় প্ৰদানত চৰকাৰ ব্যৰ্থ হল। আজি আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে একেই ঘটনাৰ পুনৰাবৃত্তি হৈছে বুলি আশংকা কৰিছোঁ।

অখিল গগৈয়ে কয় যে অভিযুক্ত সকলৰ আত্মসমৰ্পনৰ বাবে চৰকাৰে ৬ অক্টোবৰক সময়সীমা হিচাপে নিৰ্দ্ধাৰণ কৰিছে, যাতে মানুহে দুৰ্গা পূজাৰ কাম ব্যস্ত হৈ সকলো পাহৰি যায়।গগৈয়ে কয়, “কাইলৈৰ পৰা মই প্ৰতিবাদ আৰম্ভ কৰিম, প্ৰয়োজন হ’লে অকলে প্ৰতিবাদ কৰিম, যাতে মোক কোনেও ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিব নোৱাৰে। মই স্পষ্টকৈ কওঁ, প্ৰয়োজন হ’লে মই ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আৰু আনকি মোৰ বিধায়কৰ আসনো এৰি দিবলৈ সাজু। কিন্তু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মই যুঁজিম।”