NORTHEAST NOW (Assamese)
Popular Stories

ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰুদ্ধে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কেৰেলা বিধানসভাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 2:04 pm

সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গৃহীত কৰে।

সংবাদ সংস্থা পিটিআইৰ মতে, পূৰ্বে এছআইআৰৰ ওপৰত তীব্ৰ আপত্তি প্ৰকাশ কৰা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দল ইউডিএ-য়ে সদনত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে উত্থাপন কৰা প্ৰস্তাৱক সমৰ্থন কৰে।

এই প্ৰস্তাৱত মুখ্যমন্ত্ৰী বিজয়নে নিৰ্বাচন আয়োগে এছআইআৰ কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপক সদনৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ আঁৰত অন্তৰ্নিহিত উদ্দেশ্যক লৈ সন্দেহ ব্যক্ত কৰে।

বিজয়নে নিৰ্বাচন আয়োগে এছআইআৰ চলোৱা পদক্ষেপক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰাৰ পৰোক্ষ প্ৰচেষ্টা বুলি গভীৰ চিন্তা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীজনে বিহাৰত কাৰ্যকৰী হোৱা SIRৰ ফলত ভোটাৰ তালিকাৰ পৰা মানুহক অযুক্তিকৰভাৱে বাদ দিয়া বুলি অভিযোগ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়তো একে ধৰণৰ আৰ্হি অনুসৰণ কৰা হৈছে নেকি সেই সন্দৰ্ভত সমগ্ৰ দেশতে সন্দেহৰ সৃষ্টি হৈছে বুলিও তেওঁ স্পষ্টকৈ কয়।

প্ৰস্তাৱটোত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনীমুখী ৰাজ্য কেৰেলা, তামিলনাডু, আৰু পশ্চিম বংগত এছআইআৰ কাৰ্যকৰী কৰাৰ প্ৰচেষ্টাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয় যে এইটোক সৎ পদক্ষেপ বুলি গণ্য কৰিব নোৱাৰি। বিজয়নে লগতে কয় যে দীৰ্ঘম্যাদী প্ৰস্তুতি আৰু পৰামৰ্শৰ প্ৰয়োজন হোৱাৰ পাছতো নিৰ্বাচন আয়োগে খৰখেদাকৈ SIR ৰূপায়ণ কৰিলে গণতন্ত্ৰৰ ক্ষতি হব বুলি ব্যাপক আশংকা কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০২ চনত কেৰালাৰ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধন কৰা হৈছিল। তেওঁ কয় যে ২০০২ চনৰ সংশোধনীৰ আধাৰত বৰ্তমানৰ সংশোধনীটো “অবৈজ্ঞানিক

তেওঁ কয় যে ১৯৮৭ চনৰ পিছত জন্মগ্ৰহণ কৰা লোকসকলে পিতৃ বা মাতৃৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দাখিল কৰিলেহে ভোটদান কৰিব পাৰিব বুলি এছআইআৰয়ে কোৱাটোৱে দেশৰ প্ৰাপ্তবয়স্ক ভোটাৰসকলক ক্ষতিগ্ৰস্ত কৰিব।

২০০৩ চনৰ পাছত জন্ম লোৱা লোকসকলে পিতৃ বা মাতৃৰ নাগৰিকত্বৰ নথি দাখিল কৰিলেহে ভোটদান কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

গৃহীত প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে, বিশেষজ্ঞৰ অধ্যয়নত দেখা গৈছে যে এছআইআৰত দিয়া এনে নিৰ্দেশনাৰ ফলত সমাজৰ প্ৰান্তীয় শ্ৰেণীক নিৰ্বাচনী তালিকাৰ পৰা বাদ দিয়াৰ আশংকাই বেছি।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে তালিকাৰ পৰা বাদ পৰাসকলৰ অধিকাংশই সংখ্যালঘু সম্প্ৰদায়, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, মহিলা, আৰু অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ হব।

ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰা কামৰ পৰা নিৰ্বাচন আয়োগক বিৰত থাকিবলৈ বিধানসভাই সৰ্বসন্মতিক্ৰমে দাবী জনায়। লগতে ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম স্বচ্ছতাৰে সম্পন্ন কৰিবলৈও দাবী জনায়।