NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আওতালৈ আৰু দুজন; গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2025 7:32 am

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম জড়িত হৈ পৰা সংগীত শিল্পী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিস্থিতিক কেন্দ্ৰ কৰি চলি থকা তদন্তৰ অংশ হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে শিল্পী দুগৰাকীক। ইয়াৰ পূৰ্বে ছয় দিন ধৰি অপৰাধ তদন্ত শাখাই (চিআইডি) জেৰা চলাইছিল।

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত গোস্বামী আৰু মহন্ত দুয়োজনেই ছিংগাপুৰত আছিল বুলি জানিব পৰা গৈছে। যাৰবাবে তদন্তকাৰীয়ে ঘটনাপ্ৰবাহ নিবিড়ভাৱে পৰীক্ষা কৰি আছে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ অভিযোগত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পাছতে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক গ্ৰেপ্তাৰ কৰা হৈছে।

সমগ্ৰ অসম তথা দেশজুৰি ব্যাপক আলোড়ন সৃষ্টি কৰা এই ঘটনাত এই গ্ৰেপ্তাৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।