NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

উত্তৰ কোৰিয়াত নিষিদ্ধ কৰা হ’ল স্তন ডাঙৰ কৰাৰ অস্ত্ৰোপচাৰ : অদ্ভুত আইন একনায়কত্ববাদী কিমৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2025 6:30 am

নিজৰ স্বেচ্ছাচাৰী আৰু একনায়ত্ববাদী শাসনৰ বাবে সমগ্ৰ বিশ্বতেই জনাজাত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান কিম জং উন। তেওঁৰ কঠোৰ শাসন ব্যৱস্থাৰ কথা সকলোৱে জানে। এতিয়া তেওঁৰ শাসন ব্যৱস্থাৰ আন এক সিদ্ধান্ত চৰ্চালৈ আহিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে কিমে উত্তৰ কোৰিয়াত মহিলাৰ স্তনৰ আকাৰ বৃদ্ধি কৰা অস্ত্ৰোপচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। জানিব পৰা মতে, শেহতীয়া কিছু বছৰত দেশখনত এই অস্ত্ৰোপচাৰে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিমৰ মতে, অস্ত্ৰোপচাৰৰ দ্বাৰা স্তন ডাঙৰ কৰাতো বুৰ্জোৱা মানসিকতাৰ প্ৰতিফলক। সেইবাবেই প্ৰশাসনে ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছে।

ইতিমধ্যে কিম প্ৰশাসনে ঘোষণা কৰিছে যে যদি এনে অস্ত্ৰোপচাৰ কৰি কোনো মহিলা ধৰা পৰে তেন্তে তেওঁ বৃহৎ জৰিমনা ভৰিব লাগিব। চকুৰ পতা আৰু ভ্ৰূৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো একেধৰণৰ আইন প্ৰণয়ন কৰা হৈছে।

জানিব পৰা মতে, দেশখনৰ কোনো মহিলাৰ স্তনৰ আকাৰ অস্বাভাৱিকভাবে বাঢ়িছে নেকি তাৰ ওপৰত স্থানীয় নেতা সকলে তীক্ষ্ম দৃষ্টি ৰাখিব। কাৰোবাৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন দেখা গলে ব্যৱস্থা গ্ৰহণ কৰা হব।খবৰ অনুসৰি ছেপ্টেম্বৰ মাহত চেৰিয়ান চহৰৰ এটা সাংস্কৃতিক কেন্দ্ৰত স্তনৰ আকাৰ ডাঙৰ কৰাৰ অস্ত্ৰোপচাৰ কৰা এজন চিকিৎসক আৰু দুগৰাকী মহিলাৰ বিৰুদ্ধে ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছিল। তাত মহিলা দুগৰাকীয়ে যথেষ্ট অপমানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।