NORTHEAST NOW (Assamese)
অসম

ডঃ ফেঞ্চী চুতীয়াৰ ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য’: ধ্ৰুপদী ভাষা দিৱসত উন্মোচন ধ্ৰুপদী অসমীয়া বিষয়ক প্ৰথমটো গৱেষণা কৰ্মৰ গ্ৰন্থৰূপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2025 10:10 pm

যোৱা বছৰৰ আজিৰ দিনটোতে অসমীয়া ভাষাই লাভ কৰিছিল ৰাষ্ট্ৰপ্ৰদত্ত ধ্ৰুপদী ভাষাৰ বিৰল মৰ্য্যাদা আৰু এটা বছৰৰ বিৰতিত আজি একেটা দিনতে ধ্ৰুপদী ভাষা দিৱসত উন্মোচন হল ধ্ৰুপদী অসমীয়া ভাষাৰ প্ৰথমটো আনুষ্ঠানিক গৱেষণা কৰ্মৰ গ্ৰন্থৰূপ৷

আজি দিনৰ আঢ়ৈ বজাত অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত ডঃ ফেঞ্চী চুতীয়াৰ ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য শীৰ্ষক এই বিশেষ গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অনুশীলন অধ্যাপক ডঃ দিগন্ত বিশ্ব শৰ্মাই৷

অসমীয়া ভাষাই ধ্ৰুপদী মৰ্য্যাদা লাভৰ বৰ্ষপূৰ্তিৰ দিনটোতে ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য শীৰ্ষক গ্ৰন্থখনি প্ৰকাশ পোৱাটো এক মহত্ত্বপূৰ্ণ কৰ্ম বুলি উন্মোচকৰ ভাষণত উল্লেখ কৰে ডঃ শৰ্মাই৷ অসমীয়া ধ্ৰুপদী ভাষা বিষয়ক প্ৰথমখন বিদ্যায়তনিক গৱেষণামূলক গ্ৰন্থৰ বাবে তেওঁ ডঃ ফেঞ্চী চুতীয়াক অভিনন্দন জনায়৷ অসমীয়া ভাষাৰ দুটা স্বীকৃতি এটা আধুনিক ভাৰতীয় ভাষাৰূপে আৰু আনটো ধ্ৰুপদী ভাষাৰূপে৷

ধ্ৰুপদী ভাষাৰূপে যি ঐতিহ্য অসমীয়া ভাষাই বহন কৰিছে তাৰ প্ৰতি অসমীয়া ভাষা-ভাষী ৰাইজৰ অৱশ্যে কৰণীয় বহুখিনি আছে বুলিও দোহাৰে তেওঁ৷ ধ্ৰুপদী ভাষাৰূপে ভাৰতীয় সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ যিবোৰ দিশ অসমীয়া ভাষা-সাহিত্যই বহন কৰিছে তাৰ ব্যাপক অধ্যয়ন হোৱা উচিত বুলিও ডঃ শৰ্মাই মত প্ৰকাশ কৰে ৷

উন্মোচনী অনুষ্ঠানটিত আলোচক হিচাপে উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক তৰণী চন্দ্ৰ ডেকা৷ তেওঁ ব্যৱহাৰৰ যোগেদিয়েই যে ভাষা এটা জীয়াই থাকে সেই কথা প্ৰকাশ কৰে৷ আলোচক হিচাপে ডঃ ফেঞ্চী চুতীয়াৰ গ্ৰন্থখনে যে অসমীয়া আৰু অসমীয়া ভাষা, লিপি, ঐতিহ্য, ইতিহাস, জাতিৰ এক বৃহৎ পৰিসৰ সামৰি লৈছে আৰু ই ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰোৱাৰ উপৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও যে এই গ্ৰন্থখন নিৰ্ভৰযোগ্য হব সেই কথা প্ৰকাশ কৰে৷

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ প্ৰাক্তন সঞ্চালক অধ্যাপক দিলীপ কুমাৰ কলিতা আৰু লেখকৰ গৱেষণা তত্ত্বাৱধায়ক তথা শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী, সহযোগী অধ্যাপক ডঃ সংগীতা শইকীয়াই৷

 অধ্যাপক কলিতাই ভাষাৰ প্ৰাচীনত্ব আৰু ঐতিহ্যত মৌখিক সাহিত্যৰ ভূমিকাৰ কথা উল্লেখ কৰি অসমীয়া ৰামায়ণৰ লগতে জনগোষ্ঠীয় মহাকাব্যৰূপে কাৰ্বি ৰামায়ণৰ কথা উল্লেখ কৰে৷ মাতৃভাষা-ভাষীয়ে ভাষা এটাৰ জীৱন্ত অথবা মৃত ৰূপত প্ৰভাৱ পেলোৱাৰ কথাও তেওঁ উনুকিয়ায়৷ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা লেখিকাৰ গৱেষণা গুৰু ডঃ সংগীতা শইকীয়াই বিষয়টোৰ মহত্ত্বৰ লগতে গৱেষণাকালত লাভ কৰা অভিজ্ঞতা আৰু অসমৰ বাহিৰত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বিদ্যায়তনিক চৰ্চাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে৷শেষত অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়৷ অনুষ্ঠানটিত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ডঃ ফেঞ্চী চুতীয়াৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে৷