NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসত অসমৰ শিক্ষাৰ্থী-ৰোগী, মন্দিৰ-মছজিদলৈ সুখবৰ

Posted by: ফাৰহানা আহমেদ/ শান্তনু শইকীয়া Updated by: ফাৰহানা আহমেদ/ শান্তনু শইকীয়া August 15, 2019 7:54 pm
Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam

৭৩সংখ্যক স্বাধীনতা দিৱসত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাই অসমৰ শিক্ষাৰ্থী, ৰোগী, মন্দিৰ, মছজিদলৈ কঢ়িয়াই আনিছে সুখবৰ।

মন্ত্ৰীগৰাকীয়ে আই চি ইউত থকা ৰোগী, ঋণ লৈ অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী আৰু মন্দিৰ-মছজিদসমূহক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পিছতে দিয়া ভাষণত শৰ্মাই ঘোষণা কৰে যে চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়ৰে আই চি ইউত থকা ৰোগীৰ চিকিৎসা ব‍্যয় ৰাজ‍্য চৰকাৰে বহন কৰিব।

এই ৰোগীৰ ব‍্যয় চৰকাৰে “আয়ুস্মান” আঁচনিৰ অধীনত বহন কৰিব।

Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam
উত্তৰ লখিমপুৰত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনত হিমন্ত বিশ্ব শৰ্মা। ছবি- নৰ্থ ইষ্ট নাও।

তাৰোপৰি জাপানী এনকেফেলাইটিছত আক্ৰান্ত ৰাজ্যৰ ৰোগীসকলৰ চিকিৎসা “অটল অমৃত যোজনা”ৰ অধীনত সামৰি লোৱা হ’ব।

আনহাতে, শিক্ষা ঋণ লৈ অধ‍্যয়ন কৰি থকা অসমৰ শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত ৫০হাজাৰকৈ টকা চৰকাৰে জমা দিব।

মন্ত্ৰীজনে জনোৱা মতে, ছেপ্টেম্বৰৰ পৰা “অভিনন্দন আঁচনি”ৰ অধীনত শিক্ষাৰ্থীক সাহায্য প্ৰদানৰ কাম আৰম্ভ হ’ব।

ইয়াৰ উপৰি অসমৰ ১০০ বছৰ পুৰণি মন্দিৰ, মছজিদসমূহৰ বাবেও মন্ত্ৰী শৰ্মাই সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

এনে মঠ-মন্দিৰ আৰু মছজিদক সাহায্য প্ৰদানৰ বাবে ১০০০ কোটি টকা ধাৰ্য্য কৰাৰ কথা বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।

লগতে গৃহ ঋণৰ ক্ষেত্ৰত চৰকাৰে ২.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব।

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত দিৱসত স্বাধীনতা সংগ্ৰামৰ সেনানীসকলকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জিলাখনৰ মুক্তিযুঁজাৰুসকলকো স্মৰণ কৰে।

তেওঁৰ ভাষণত লখিমপুৰৰ তিনি মুক্তিযুঁজাৰু পুষ্পলতা নাথ, কুল বৰা আৰু সৰ্বেশ্বৰ বৰুৱাৰ নাম লয়।

অসম আৰক্ষী, অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী, এন চি চি, স্কাউট গাইড আৰু জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ দলে পেৰেদত ভাগ লয়।