NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসক লৈ আলোচনাপন্থী আলফা নেতা জিতেন দত্তই দিয়া এটা ফেইচবুক পোষ্টৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 15, 2019 6:57 pm
jiten dutta facebook post

‘স্বাধীনতাৰ এই ৰঙীন পৰিবেশ কেৱল ধনী শ্ৰেণীৰ বাবেহে যেন অনুমান হয়।’ এক ফেইচবুক প’ষ্টযোগে স্বাধীনতা দিৱসৰ দিনটোতে এই মন্তব্য কৰে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই।

ইপিনে, ‘ভাৰতৰ লাখ লাখ মানুহে আজিও এমুঠি অন্নৰ বাবে হাহাঁকাৰ কৰি আছে।’ বুলি উল্লেখ কৰি দত্তই পোষ্টটোত কয় ‘দিল্লীৰ ৰাজপথত আজিও হাজাৰ হাজাৰ লোক মুকলি আকাশৰ তলত জীৱন ধাৰণ কৰিব লগা হৈছে।’

পেটৰ জ্বলা নাইকিয়া কৰিবলৈ আজিও ডাষ্টবিনত কুকুৰৰ লগত পেলনীয়া খাদ্যৰ টনা আজোৰা হয়। এইয়াই নেকি স্বাধীনতা? বুলিও দত্তই ফেইচবুক পোষ্টৰ যোগেৰে প্ৰশ্ন উত্থাপন কৰে।

দিল্লীৰ প্ৰসংগ উল্লেখ কৰি পাছত দত্তই অসমৰ বানপানীৰ প্ৰসংগ উল্লেখ কৰে নিজৰ ফেইচবুক পোষ্টটোত।

‘মোৰ অসমৰ হাজাৰ হাজাৰ মানুৰ বানত সৰ্বহাৰা হৈ এসাঁজ খাই এসাঁজ নাখাই জীয়াই থাকিব লগা হৈছে তেনে অৱস্থাত কেনেকৈ উপভোগ কৰো স্বাধীনতাৰ সোৱাদ?’ দত্তই পোষ্টযোগে প্ৰশ্ন কৰে।

প্ৰাক্তন আলফা নেতাগৰাকীয়ে লগতে কয় ‘এই সৰ্বসাধাৰণ মানুহ খিনিয়ে বা এই ভোকাতুৰ মানুখিনিয়ে বা ভাৰতৰ লাখ লাখ দাল দৰিদ্ৰ মানুহে যিদিনা নিশ্চিন্ত মনে এসাজ অন্ন গ্ৰহণ কৰিব পাৰিব, ৰাজপথত আশ্ৰয় লোৱা পৰিয়াল বোৰৰ লৰা ছোৱালীবোৰে উপযুক্ত শিক্ষাৰ সুবিধা পাব সেই দিনাই মই ত্ৰিৰংগা পতাকা উৰুৱাম আৰু কম মেৰা ভাৰত মহান৷’

দত্তৰ এই পোষ্টৰ পাছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দত্তৰ পোষ্টত তৰংগ বল্ল বৰুৱা নামৰ এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে স্বাধীনতা
১৮২৬ত হেৰাই যোৱা আত্মসন্মান, মোৰ ককা আজোককাৰ সম্পত্তিবোৰৰ ওপৰত আৰোপিত দখলী চুক্তি।

চাও হেমজিত দেওধাই ফুকনে তেওঁৰ পোষ্টৰ তলত লিখিছে ‘সেই দিন অতি সোনকালে সকলোৰে সহযোগত আহক। ঘূৰি আহক বিদেশৰ পৰা সকলো কলা ধন, বিলায় দিয়ক সেই ধন অঘৰীৰ মাজত।‘

তদুপৰি মনদ্বীপ সোহনে লিখিছে এইদৰে ‘পুজিঁপতিৰ হাতত বিক্ৰী যোৱা স্বৈৰাচাৰী শাসনতন্ত্ৰৰ পৰা এইয়া সম্ভৱনে ?’

আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰী বাংকিম হালৈ নামৰ এজনে পোষ্টৰ বিৰোধিতা কৰি লিখিছে ‘আলফা কৰি অসমৰ ৰাইজক স্বাধীন অসম দিলা নে ?’

এনেদৰে স্বাধীনতাৰ দিনটোত আলোচনাপন্থী আলফা নেতাগৰাকীয়ে দিয়া পোষ্টে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যৰ ছ’চিয়েল মিদিয়া ব্যাৱহাৰকাৰীসকলৰ মাজত।