জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সাংবাদিক প্ৰণয় বৰদলৈ আৰু সাৰস্বত গোস্বামীকো জেৰা চলাব এছ আই টিয়ে

কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসমৰ কেইবাগৰাকীও সাংবাদিকক মাতি তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰিব চি আই ডিয়ে গঠন কৰা বিশেষ তদন্ত কমিটিয়ে।
জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে তথ্য প্ৰদান কৰা বাতৰিৰ সন্দৰ্ভত সাংবাদিকসকলক চি আই ডিৰ কাৰ্যালয়লৈ মাতি সোধপোচ কৰা হ’ব।
জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক মাতিব চি আই ডিয়ে। উল্লেখ্য যে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাতৰি সংগ্ৰৰ বাবে ছিংগাপুৰলৈ গৈছিল প্ৰণয় বৰদলৈ।
ইয়াৰ উপৰিও ডি ৱাই ৩৬৫ৰ দিল্লীৰ সাংবাদিক সৰস্বত গোস্বামীকো তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ মাতি অনা হ’ব।
তদন্তৰ অংশ হিচাপে চি আই ডিয়ে অতিৰিক্তভাৱে গুৱাহাটীস্থিত আন এজন জ্যেষ্ঠ সাংবাদিকক মাতি আনি বিস্তৃত তথ্য সংগ্ৰহ কৰিব।