NORTHEAST NOW (Assamese)
Popular Stories

প্ৰসংগঃ গৌৰৱ-এলিজাবেথ বিতৰ্ক! পাকিস্তানী নাগৰিক তথা জলবায়ুকৰ্মী আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2025 6:53 pm

ISI এজেণ্টৰ দৰে ভাৰতবিৰোধী কাম অব্যাহত ৰখাৰ অভিযোগ থকা তথা পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন কৰা হৈছে।

বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান IPS বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ডিজিপিয়ে গঠন কৰিলে চাৰিজনীয়া তদন্তকাৰী দল।

আইপিএছ মুন্না প্ৰসাদ গুপ্তা এই বিশেষ তদন্তকাৰী দলৰ অধ্যক্ষ হিচাপে থাকিব। সদস্য হিচাপে থাকিব জ্যেষ্ঠ আৰক্ষী বিষয়া প্ৰণৱজ্যোতি গোস্বামী, ৰ’জি কলিতা আৰু মৈত্ৰেয়ী ডেকা। উল্লেখ্য যে, মৈত্ৰেয়ী ডেকাই ২০১৩ চনত বিতৰ্কিত ৰাকেশ পালৰ আমোলত APS ৰেংক ১৮ লাভ কৰিছিল।

SITক দিয়া বিশেষ ক্ষমতা প্ৰয়োগ কৰি প্ৰয়োজনত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমতি সাপেক্ষে পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবল নিয়োগ কৰিব পাৰিব এইখন এছআইটিয়ে।