NORTHEAST NOW (Assamese)
Popular Stories

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাঃ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ স্থলাভিষিক্ত শুভমন গীল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2025 3:59 pm

শনিবাৰে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুমন গী ৰোহিত শৰ্মাৰ ঠাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় অধিনায়ক হিচাপে দায়িত্ব দিয়া হয়। শ্ৰেয় আয়াৰক এই শৃংখলাৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ছাব্বিছ বছৰীয়া গীলে বৰ্তমান টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আৰু তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় দলৰ উপ-অধিনায়ক।

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়ো তাৰকা বেটছমেনে দলত স্থান লাভ কৰিছে।

শনিবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ কিছু সময়ৰ পাছতে বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ভাৰতীয় দলৰ ঘোষণা কৰে।

বিচিচিআইয়ে কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলৰ অংশ হিচাপে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীও থাকিব

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হবলগীয়া এদিনীয়া শৃংখলাটো হব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ সাত মাহতকৈ অধিক সময়ৰ বিৰতিৰ পাছত প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল। অষ্ট্ৰেলিয়াত তিনিখন এদিনীয়া মেচৰ পাছত ভাৰতৰ হৈ খেলাৰ পৰৱৰ্তী সুযোগ হল নৱেম্বৰ-ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া ঘৰুৱা শৃংখলাৰ মেচ

লগতে নিৰ্বাচকসকলে তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক শৃংখলাৰ বাবে জিৰণি দিয়াৰ লগতে যশস্বী জয়ছৱালক দললৈ প্ৰত্যাৱৰ্তন কৰিছে

দল ঘোষণা কৰাৰ পাছত অজিত আগৰকাৰে কয় যে অধিনায়ক সলনিৰ বিষয়ে ৰোহিত শৰ্মাৰ সৈতে যোগাযোগ কৰা হৈছে।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় এদিনীয়া দল : শুভমগীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয় আয়াৰ (উপ অধিনায়ক), অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), যশস্বী জয়ছৱাল।