NORTHEAST NOW (Assamese)
Popular Stories

‘শান্তি আৰু ঐক্য বজাই ৰাখক’- সোনম ৱাংচুকৰ জেলৰ পৰাই অহিংসাৰ বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 3:13 pm

লাডাখত হোৱা ‘গণ প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগত সমাজ কৰ্মী সোণম ৱাংচুকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে বিশিষ্ট উদ্ভাৱক তথা মানৱাধিকাৰ কৰ্মীজন। এই পৰিস্থিতিত গান্ধীবাদী ৱাংচুকে জেলৰ পৰাই দিলে অহিংসাৰ বাৰ্তা। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি তেওঁ কয়, লাডাখত শান্তি আৰু ঐক্য বজাই ৰাখক। ইয়াৰ সমান্তৰালকৈ তেওঁ গান্ধীৰ অহিংসাৰ পথত খোজ দি ৰাষ্ট্ৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিবলৈয়ো সকলোকে আহ্বান জনায়।

সোনমে এক বিবৃতিযোগে কয়, ‘মই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ। সকলো মোক লৈ চিন্তিত হৈ পৰিছে। তেঁওলোকে মোৰ বাবে প্ৰাৰ্থনা কৰি আছিল। তাৰ বাবে ধন্যবাদ। এই আন্দোলনত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে আহত আৰু গ্ৰেপ্তাৰ হোৱা সকলৰ বাবেও প্ৰাৰ্থনা জনাইছো। চাৰিজন প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ স্বতন্ত্ৰ ন্যায়িক তদন্ত হব লাগে। যদি নহয়, তেন্তে মই জেলত থাকিবলৈ সাজু। লাডাখৰ বাবে ৰাজ্যৰ দাবীকে ধৰি কেইবাটাও বিষয়ত মই লাডাখৰ জনসাধাৰণৰ সৈতে থিয় দিছো। শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আৰু শান্তিপূৰ্ণভাৱে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ ৰাইজলৈ আহ্বান জনাইছো। এই আন্দোলন প্ৰকৃত গান্ধীবাদী অহিংসাৰ পথৰে হওক।’

উল্লেখ্য যে লাডাখৰ গণতান্ত্ৰিক প্ৰতিবাদৰ দুদিন পাছতে আন্দোলনৰ মূল ব্যক্তি তথা পৰিৱেশ কৰ্মী সোণমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোনমৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলক উচটনি দিয়া আৰু হিংসাক ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন হৈছিল। শুকুৰবাৰে সোনমে সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল। সেই সংবাদমেলৰ মাত্ৰ পাঁচ মিনিট আগতেই তেঁওক গ্ৰেপ্তাৰ কৰা হৈছিল। সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰৰ পাছত সোনমক লাডাখৰ পৰা আঁতৰাই নিশাটোৰ বাবে লেহৰ পৰা ১৪০০ কিলোমিটাৰ নিলগৰ ৰাজস্থানৰ যোধপুৰলৈ লৈ যোৱা হয়।

সোনমক গ্ৰেপ্তাৰ কৰাৰ পাছত লেহত যাতে অশান্তি বিয়পি নাযায় তাৰ বাবে মহানগৰখনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। সমগ্ৰ মহানগৰীখনত আৰক্ষীৰ কটকটীয়া পহৰা দি ৰখা হৈছে। ৰাজহুৱা সমাৱেশৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৱাংচুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।