NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক কমল চন্দ্ৰ বৰগায়নৰ মৃত্যু

Posted by: মিটু খাটনিয়াৰ June 10, 2018 8:07 pm
kamal chandra bargayan

অসমৰ বৈষ্ণৱ কলা সংস্কৃতিৰ বিকাশৰ থলীস্বৰূপ মাজুলীৰ সত্ৰসমূহৰ অন্যতম শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক অধ্যাপক কমল চন্দ্ৰ বৰগায়নৰ আজি দিনৰ ২:৩০ বজাত পৰলোক প্ৰাপ্তি হয়।

সত্ৰসমূহৰ ভক্তি আন্দোলনৰ অন্যতম যোদ্ধা, ভক্তি ধৰ্মৰ প্ৰচাৰ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত ওৰেটো জীৱন উৎসৰ্গীত শিল্পীজনৰ মৃত্যুৰ খবৰে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পেলাইছে ।

উল্লেখযোগ্য যে কমল চন্দ্ৰ বৰগায়নে ১৯৭৫ চনতে সুদুৰ ইণ্ডোনেছিয়াৰ লগতে অসমৰ সত্ৰীয়া সংস্কৃতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিবেশন কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিছিল।

অসমৰ লগতে ৰাষ্ট্ৰীয় স্তৰটো সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত তেওঁৰ অভূতপূৰ্ব বৰঙণি আছিল। তেখেত এজন বৰগায়ন, বৰনামলগোৱা ,বৰপাঠক হোৱাৰ উপৰি এজন সুদক্ষ অভীনেতা আছিল।

অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা অধ্যাপক কমল চন্দ্ৰ বৰগায়নৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ।