NORTHEAST NOW (Assamese)
Popular Stories

তীব্ৰ সমালোচনাত সেও মানিলে তালিবানৰ বৈদেশিক মন্ত্ৰীয়ে! দ্বিতীয়খন সংবাদমেল আহবান…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 12, 2025 3:48 pm

তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ১২ অক্টোবৰ দেওবাৰে দ্বিতীয়খন সংবাদমেল আহ্বান কৰিছে। আজিৰ সংবাদমেল মহিলা সাংবাদিকৰ বাবেও মুকলি থাকিব বুলি সদৰী কৰিছে। দিল্লীত পূৰ্বৰ সংবাদ মেলত মহিলা সাংবাদিকক নিষিদ্ধ কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে এই কথা প্ৰকাশ কৰিছে আমিৰ খান মুত্তাকীয়ে ।

উল্লেখ্য যে তালিবানৰ বৈদেশিক মন্ত্ৰী হিচাপে এইটো প্ৰথম ভাৰত ভ্ৰমণ মুত্তাকীৰ। ১০ অক্টোবৰ শুকুৰবাৰে তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত তেওঁ আফগান দূতাবাসত এক সংবাদ মেল অনুষ্ঠিত কৰে যদিও কেৱল পুৰুষ সাংবাদিককহে অনুমতি প্ৰদান কৰিছিল।

সংবাদ মেলত মহিলা সাংবাদিকক নিষিদ্ধ কৰাৰ বাবে বিভিন্ন সংবাদ গোষ্ঠীকে ধৰি আৰু বিৰোধী নেতাসকলেও  ক্ষোভ প্ৰকাশ কৰে। ইজিআইয়ে ইয়াক “স্পষ্ট লিংগ বৈষম্য” বুলি অভিহিত কৰিছে। ইজিআইয়ে এক বিবৃতিত কয় যে, “যদিও কূটনৈতিক ভিয়েনা সন্ধিৰ অধীনত সুৰক্ষা দাবী কৰিব পাৰে, যদিও ই ভাৰতৰ মাটিত সংবাদ মাধ্যমৰ প্ৰৱেশৰ ক্ষেত্ৰত প্ৰকাশ্য লিংগ বৈষম্যৰ ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।”

এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এম ই এ) পৰা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈ ইজিআইয়ে সমালোচনা কৰি ভৱিষ্যতৰ অনুষ্ঠানত লিংগ সমতা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইয়াৰ দ্বাৰা সাংবাদিক আৰু সংবাদ মাধ্যমক এনে বৈষম্যৰ বিৰুদ্ধে “শূন্য সহনশীলতা” নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

ইফালে ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্পছে (আই ডব্লিউ পি চি) এই কৰ্যত গৰিহনা দি “অতি বৈষম্যমূলক” বুলি অভিহিত কৰে। আই ডব্লিউ পি চিয়ে উল্লেখ কৰে যে তালিবান শাসনে মহিলাৰ অধিকাৰত বাধা আৰোপ কৰাৰ বাবে বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হৈছে। ভাৰত চৰকাৰক এই বিষয়টো আফগান দূতাবাসৰ আগত উত্থাপন কৰিবলৈ আহ্বান জনোৱা হৈছে যাতে ভৱিষ্যতে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয়।