NORTHEAST NOW (Assamese)
অসম

ব্যৰ্থতা স্বীকাৰ! অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ ৰিপুন বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 3, 2021 6:17 am
WhatsApp-Image-2020-04-19-at-4.14.55-PM-600x375

পদত্যাগ বিচাৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনীয়া গান্ধীলৈ পত্ৰ প্রেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

অসমত কংগ্ৰেছৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিয়েই কংগ্ৰেছৰ অধ্যক্ষলৈ এই পত্ৰ ৰিপুন বৰাৰ।

নিৰ্বাচনত জয়ী হ’বলৈ কষ্ট কৰিছিল যদিও বিজেপি আৰু RSS ৰ সাম্প্ৰদায়িক আৰু ভাঙোনমুখী ৰাজনীতিৰ বাবেই কংগ্ৰেছ জয়ী হ’ব নোৱাৰিলে বুলি বৰাই পত্ৰখনত উল্লেখ কৰিছে।

 

সভাপতি পদৰ পৰা পদত্যাগ কৰিলেও এগৰাকী কংগ্ৰেছী হিচাপেই নীতি আদৰ্শ মানি দলৰ কাম কৰি যাব বুলিও পত্ৰত উল্লেখ কৰিছে বৰাই।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতো দলৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ লিখিছিল যদিও গ্ৰহণ কৰা নাছিল। তাৰ পাছতো ৰিপুন বৰাকে সভাপতিৰ দায়িত্ব দিছিল কংগ্ৰেছে।