NORTHEAST NOW (Assamese)
Popular Stories

নৰাধম দৰা! সোণ, গাড়ী নাপাই বিয়াই বাতিল; প্ৰেমিকৰ যৌতুকৰ চাপত জীৱন শেষ কৰিলে চিকিৎসক যুৱতীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2023 1:04 pm

কেৰালাৰ এগৰাকী চিকিৎসক যুৱতীয়ে অতিৰিক্ত যৌতুকৰ দাবীৰ হেঁচাত আত্মহনন কৰাৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি দৰাজনে নগদ ধন, সোণ আৰু বিএমডব্লিউ গাড়ী দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু যুৱতীগৰাকীয়ে সেই দাবী মানি ল’ব বিচৰা নাছিল। ফলত বিয়া ভাঙি যায়। তাৰ পিছতে ছোৱালীজনীয়ে আত্মহত্যা কৰে!

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্বাহানা (২৬) তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁ স্নাতকোত্তৰ পৰ্যায়ত পঢ়ি আছিল। কলেজৰ ওচৰৰ ঘৰ এটাত ভাড়াতীয়া হিচাপে বাস কৰিছিল। একেখন কলেজতে পঢ়া চিকিৎসক যুৱক এজনৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল।

লগতে পঢ়কঃ বিশ্বৰ উন্নত দেশৰ অৱস্থা! আমেৰিকাৰ বিশ্ববিদ্যালয় চৌহদত গুলীচালনাৰ ঘটনা, নিহত ৪ জন

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতীগৰাকীৰ বিয়া সেই যুৱকজনৰ সৈতে ঠিক কৰা হৈছিল। কিন্তু যুৱকজনৰ পৰিয়ালে কৰা অতিৰিক্ত যৌতুকৰ দাবীত বাধাৰ সৃষ্টি হয় বিবাহত।

জানিব পৰা মতে, যুৱকজনৰ পৰিয়ালে নগদ ধন, সোণৰ গহনা আৰু এখন বিএমডব্লিউ গাড়ী বিচাৰিছিল। যিটো দিবলৈ অস্বীকাৰ কৰে চিকিৎসক যুৱতীয়ে। ইয়াৰ পিছতে যুৱকজনে পৰিয়ালৰ পক্ষ লৈ বিবাহ ভাঙি পেলায়। এই ঘটনাৰ পিছতে কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ।

চিকিৎসকগৰাকীৰ মৃত্যুত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয় যে যৌতুকৰ দাবী প্ৰমাণিত হ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

লগতে পঢ়কঃপ্ৰথমে প্ৰেমিকে, প্ৰেমিকৰ বন্ধুৱে, তাৰপিছত উদ্ধাৰকাৰীয়ে : বাৰে বাৰে ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীৰ কৰুণ কাহিনী

ইপিনে, এই ঘটনাত সৰৱ হৈ পৰিছে কেৰেলা মহিলা আয়োগ। ঘটনা সন্দৰ্ভত পৃথকে তদন্ত আৰম্ভ কৰিছে। আনহাতে, চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত যুৱ চিকিৎসকজনক নিলম্বিত কৰা বুলি জানিব পৰা গৈছে।

তদন্ত অনুসৰি আৰক্ষীয়ে জানিব পাৰিছে যে ছোৱালীজনীৰ পিতৃ ব্যৱসায়ৰ বাবে পশ্চিম এছিয়াত আছিল। তাতেই শেহতীয়াকৈ তেওঁৰ মৃত্যু হয়। শেষবাৰৰ বাবে দেউতাককো দেখা নাপালে যুৱতীগৰাকীয়ে।