NORTHEAST NOW (Assamese)
Popular Stories

বিয়াৰ পিছতেই শকত হৈ যায় মহিলাসকল! ইয়াৰ আচল কাৰণ কি জানেনে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 25, 2024 8:48 pm

আমি প্ৰায়ে এটা কথা লক্ষ্য কৰোঁ যে বিয়াৰ পিছতে বহু মহিলা শকত হৈ পৰে। বিয়াৰ আগতে খুব লাহী আৰু চিকুণ শৰীৰৰ যুৱতীও বিয়াৰ পিছত শকত হৈ পৰা দেখা যায়। 

কিন্তু কিয়? কিয় বিয়াৰ পিছত শকত হৈ পৰে মহিলা সকল? ইয়াৰ ব্যখ্যা বহুতে বহুত ধৰণে আগবঢ়াব খোজে।  কিন্তু বিশেষজ্ঞ সকলে কি কিয়?

গৱেষণাৰ মতে যৌন সংগমৰ বাবে বিয়াৰ মহিলা শকত হ’বলৈ আৰম্ভ কৰে।

কিন্তু সেইটোৱেই একমাত্ৰ কাৰণ নহয়। বিশেষজ্ঞসকলৰ মতে বিবাহৰ পিছত বেছিভাগ মহিলাৰ জীৱনধাৰণ সলনি হয়।

জীৱন শৈলী পৰিৱৰ্তনৰ বাবেও মহিলাৰ এই শাৰীৰিক পৰিৱৰ্তন দেখা যায়। বহু মহিলাই বিয়াৰ আগতে স্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণ কৰে। কিন্তু বিয়াৰ পিছত আন এটা পৰিবেশলৈ যোৱাৰ পিছত সেই অভ্যাসৰ অভাৱ হৈ পৰে।

শৰীৰৰ যত্ন নল’লে শৰীৰত চৰ্বি জমা হয়। তদুপৰি স্বামীৰ সৈতে সময় আৰু অন্যান্য অভ্যাসৰ ক্ষেত্ৰত তাল-মিল চলাব লগা হোৱাৰ বাবে খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। ফলত ওজন বাঢ়ি যায়।

লগতে ভাৰতীয় বিবাহিতা মহিলাই সাধাৰণতে বিয়াৰ ২-৪ বছৰৰ ভিতৰত সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে। ফলত বিয়াৰ পিছত যি চৰ্বি দেহত জমা হ’বলৈ আৰম্ভ কৰে। সন্তান জন্ম হোৱাৰ লগে লগে সেই চৰ্বি শৰীৰত স্থায়ীভাৱে জমা হৈ যায়।

এই চৰ্বী হ্ৰাস কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হয়। কিন্তু সন্তানৰ চোৱাচিতা আৰু পৰিয়ালৰ বিভিন্ন দায়িত্ব পালনৰ বাবে বহু মহিলাই নিজৰ বাবে সময় বিচাৰি নাপায়। ফলত ওজন বৃদ্ধি পায়।