NORTHEAST NOW (Assamese)
Popular Stories

দেশত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, হ্ৰাস পাইছে  হিন্দু জনসংখ্যাঃ গৃ্হমন্ত্ৰী অমিত শ্বাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 12, 2025 7:00 pm

দেশত হিন্দু জনসংখ্যা হ্ৰাস আৰু মুছলমান জনসংখ্যা বৃদ্ধি পোৱা বুলি মত পোষণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁৰ মতে, এই পৰিৱৰ্তনৰ মূল কাৰণ জন্মৰ হাৰ নহয়, বৰঞ্চ পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশৰ বাবে হে এনে হৈছে। শুকুৰবাৰে নতুন দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গৃহমন্ত্ৰী শ্বাহে । ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লালকিল্লাৰ পৰা অনুপ্ৰৱেশক জনগাঁথনিৰ পৰিৱৰ্তনৰ কাৰণ বুলি অভিহিত কৰিছিল ।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি শ্বাহে “দেশত হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ আঁৰত ধৰ্মান্তৰণৰ বিশেষ ভূমিকা নাই বুলি মত পোষণ কৰে। মুছলমান জনসংখ্যা বৃদ্ধিৰ কাৰণ জন্ম হাৰ বৃদ্ধি একেবাৰেই নহয়। বৃহৎ সংখ্যক অনুপ্ৰৱেশহে ইয়াৰ কাৰণ বুলি উল্লেখ কৰে।”

তেওঁ পৰিসংখ্যা প্ৰকাশ কৰি কয় যে, দেশত মুছলমানৰ সংখ্যা ২৪.৬ শতাংশ বৃদ্ধি পাইছে, আনহাতে হিন্দুৰ সংখ্যা ৪.৫ শতাংশ হ্ৰাস পাইছে। “ধৰ্ম নিৰ্বিশেষে দেশত জন্মৰ হাৰ কমিছে বুলি নাভাবিব। বৰঞ্চ অত্যধিক অনুপ্ৰৱেশৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভাজনৰ পিছত পাকিস্তানে দুয়োপক্ষৰ ধৰ্মৰ ভিত্তিত এখন দেশ গঢ়ি তুলিছিল। এতিয়া বাংলাদেশ আৰু পাকিস্তানৰ পৰা অনুপ্ৰৱেশকাৰী এই দেশত প্ৰৱেশ কৰিছে।”

তেওঁ এই সমস্যাৰ সমাধানৰ কথা উল্লেখ কৰি কয় যে, জনসংখ্যাৰ এই বৈষম্য ১৯৫১ চনৰ পৰা ২০১১ চনলৈকে প্ৰতিটো লোকপিয়লত ধৰা পৰিছে। কিন্তু এতিয়া ইয়াক বন্ধ কৰিবলৈ অনুপ্ৰৱেশ ৰোধ কৰাৰ তিনিটা পৰ্যায়ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। “কেন্দ্ৰই অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম বাদ দিছে আৰু তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে,” বুলি তেওঁ কয়।

 তেওঁ লগতে এছআইআৰ (স্পেচিয়েল ইনটেনচিভ ৰিভিজন)ৰ কথাও উল্লেখ কৰি কয়, “মাজে মাজে সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ বিশেষ আৰু নিবিড় জৰীপ চলোৱাটো নিৰ্বাচন আয়োগৰ দায়িত্ব। যদিহে অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত থাকে, তেন্তে তেওঁলোক ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ভৱিষ্যত নিৰ্ধাৰণৰ অংশ হৈ পৰিব। যিটো কেতিয়াও বাঞ্ছনীয় নহয়। গণতন্ত্ৰই এইদৰে কাম কৰিব নোৱাৰে।”