NORTHEAST NOW (Assamese)
অসম

আলফাৰ সৈতে আলোচনাৰ বাবে সাজু হৈছে প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে, হিমন্ত বিশ্বৰ প্ৰচেষ্টা সফল হ’বনে?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 18, 2021 9:11 am

১৯৭৯ চনৰ ৭ এপ্ৰিলত শিৱসাগৰত সশস্ত্ৰ সংগঠন আলফাৰ জন্মৰ পিছৰে পৰা লুইতেৰে বহু পানী বাগৰি গ’ল,বহুতে সংসাৰৰ মায়া-মোহ এৰি স্বৰ্গগামী হ’ল।

তথাপি আলফাৰ মূল দাবীটোৰ আজিও সমাধান নোলাল।

স্বাধীন অসমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰা আলফাৰ বহু নেতাই পৰৱৰ্তী সময়ত মূলসূঁতিলৈ উভতি আহিছে। আলফায়ো শেহতীয়াকৈ একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ তিনিমাহলৈ বৃদ্ধি কৰিছে।

এয়া নিঃসন্দেহে অসমৰ বাবে ভাল খবৰ।ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰে শান্তি আলোচনা কৰাৰ বাবে সাজু হৈছে।

আলফাৰ জন্মৰ পিছত অসমত বহু কেইগৰাকী মুখ্যমন্ত্ৰী আহিল যদিও কোনেও আলফাৰ সৈতে শান্তি আলোচনাৰ বাবে মন মেলিব পৰা নাছিল।

এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাবে বিবেচিত হৈছে যিয়ে আলফাৰ সৈতে আলোচনাৰ বাট কাটি দিবলৈ মনস্থ কৰিছে।

সংবিধানৰ গণ্ডীৰ ভিত্তিত হিমন্ত বিশ্ব শৰ্মাই আলফা সমস্যাটোৰ সমাধান বিচাৰিছে।

এই প্ৰসংগতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে যি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিবেশত আলফাৰ জন্ম হৈছিল সেই পৰিবেশ এতিয়া আৰু নাই।

১৯৮৩ চনৰ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিবেশ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিবেশ এতিয়া আৰু নাই।

সেয়ে আলফাই আলোচনাৰ মেজলৈ অহাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আহ্বানৰ প্ৰতি আলফাই কেনে সঁহাৰি জনায় সেয়া সময়ত লক্ষ্যণীয় হ’ব।