NORTHEAST NOW (Assamese)
অসম

আগতীয়াকৈ কৰক পৰিকল্পনা; ফেব্ৰুৱাৰিত কমেও ১২ দিন বন্ধ থাকিব বেংকৰ কামকাজ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 11:35 am
5295-bank-indisde-new-750x375

ফেব্ৰুৱাৰি মাহত কমেও ১২ দিন বেংকসমূহৰ কামকাজ বন্ধ থাকিব।

ইয়াৰ ভিতৰত ৪টা দেওবাৰ, ২টা শনিবাৰ আৰু ৬টা আন বন্ধৰ দিন আছে।

দেশখনৰ বিভিন্ন অঞ্চলত এই ৬টা আনুষ্ঠানিক বন্ধ পালন কৰা হ’ব।

আনহাতে, ফেব্ৰুৱাৰিত বেংক বন্ধ ৰাখিবলগীয়াকৈ কোনো ৰাষ্ট্ৰীয় ছুটীৰ দিন নাই।

বন্ধ দিনকেইটা:

১২ ফেব্ৰুৱাৰি: লুছাৰ/ছ’নাম ল’ছহাৰ (ছিকিমত বেংকসমূহ বন্ধ থাকিব)।

১৫ ফেব্ৰুৱাৰি: লুই-নাগি-নি (নাগালেণ্ডত বেংকসমূহ বন্ধ থাকিব)।

১৬ ফেব্ৰুৱাৰি: সৰস্বতী পূজা (ত্ৰিপুৰা, ওড়িষ্যা আৰু পশ্চিমবংগত বেংকসমূহ বন্ধ থাকিব)।

১৯ ফেব্ৰুৱাৰি: ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (মুম্বাই, নাগপুৰ আৰু বেলাপুৰত বেংকসমূহ বন্ধ থাকিব)।

২০ ফেব্ৰুৱাৰি: মিজোৰাম ৰাজ্য প্ৰতিষ্ঠা দিৱস (মিজোৰামত বেংকসমূহ বন্ধ থাকিব)।

২৬ ফেব্ৰুৱাৰি: হজৰত মহম্মদৰ আলীৰ জন্মবাৰ্ষিকী (কানপুৰ আৰু লক্ষ্ণৌত বেংকসমূহ বন্ধ থাকিব)।

উল্লেখ্য যে বেংকৰ বন্ধসমূহ ৰাজ্যভেদে সুকীয়া আৰু সকলো বেংক কোম্পানীয়ে সকলো বন্ধ পালন নকৰে।