NORTHEAST NOW (Assamese)
Popular Stories

উচ্ছেদ অভিযানঃ ডবকা বনাঞ্চলত ১২০০ৰো অধিক পৰিয়াল লৈ উচ্ছেদৰ জাননী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2025 7:57 pm

ৰাজ্যত পুনৰ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। অজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। তেওঁ আৰু কয় যে শ্ৰীভূমিৰ পাথাৰকান্দিত পুনৰ উচ্ছেদ চলাই ১৮১ একৰ ভূমি উদ্ধাৰ কৰা হৈছে।

শেহতীয়া কৈ প্ৰকাশিত খবৰ অনুসৰি ডবকাৰ অন্তৰ্গত যমুনা–মৌডেংগা সংৰক্ষিত বনাঞ্চলত বাস কৰা ১২৫৮টা পৰিয়াললৈ উচ্ছেদ জাননী জাৰি কৰিছে। আৰু হোজাই বন সংমণ্ডলে এই বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে স্বেচ্ছাই ভূমি এৰিযাবলৈ ১৫ দিনৰ সময় দিয়া হৈছে।

উল্লেখ্য যে উদমাৰী, যমুনাগাওঁ, নিগাম, আৰু কাষৰীয়া গাঁৱৰ দৰে অঞ্চলৰ বনাঞ্চলৰ ভূমিত দীৰ্ঘদিনীয়া বেদখল মুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হ’ব বুলি উল্লেখ কৰিছে চৰকাৰে। বিষয়াসকলে অঞ্চলটো পুনৰ উদ্ধাৰ কৰাৰ লগতে অসমৰ বনাঞ্চল পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে কেইবাদিনো ধৰি প্ৰস্তুতি চলি আছে বুলি উল্লেখ কৰিছে।ইফালে দশক দশক ধৰি তাত বাস কৰা বুলি দাবী কৰা বহু বাসিন্দাই জাননী লাভ কৰাৰ পিছত উদ্বেগ আৰু অনিশ্চয়তাত ভুগিছে।