NORTHEAST NOW (Assamese)
Popular Stories

জুবিনৰ মৃত্যুৰ ঘটনাৰ ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পাছতে উত্তপ্ত পৰিস্থিতি, কাৰাগাৰৰ বাহিৰত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2025 4:47 pm

শ্যামকানু-সিদ্ধাৰ্থকে আন তিনি অভিযুক্তক বাক্সা জেললৈ নিয়াক লৈ কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ প্ৰচণ্ড ক্ষোভৰ বহিৰ্প্ৰকাশ হয়। বাক্সা কাৰাগাৰৰ বাহিৰত উত্তাল প্ৰতিবাদ কৰে অনুৰাগীসমাজে। আৰক্ষীৰে একাংশ প্ৰতিবাদকাৰীৰ হতাহতি ঘটে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত লাঠিচালনাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় আৰক্ষী।এই পৰিস্থিতিৰ পাছত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে উত্তেজিত হৈ পৰে একাংশ প্ৰতিবাদকাৰী। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী জোৱান আহত হোৱাৰ লগতে সংবাদ মাধ্যমৰ একাংশ লোকো আহত হয়।

প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপত আহত হয় সাংবাদিক ধ্ৰুৱ বৰা, বনজিত কলিতা, সৌৰভ দে আৰু নকুল তালুকদাৰ। লগতে আহত হয় কেইবাজনো আৰক্ষীৰ লোক। প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ তিনিখন বাহনত অগ্নিসংযোগ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে লগোৱা বেৰিকেডো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে আজি ১৪ দিনৰ চিআইডি জিম্মাৰ অন্ত পৰাৰ পাছত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু ৫ অভিযুক্তক লৈ বাক্সাত প্ৰৱেশ কৰাৰ পাছতে প্ৰতিবাদৰ সন্মুখীন হয় শ্যামকানু-সিদ্ধাৰ্থ। আৰক্ষীয়ে প্ৰতিবাদৰ মাজতে আটাইকেইজন অভিযুক্তক লৈ বাক্সা কাৰাগাৰত প্ৰৱেশ কৰে। কিন্তু তাৰ পাছতে কাৰাগাৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।