NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক চৰ সোধালে ছাত্ৰ সংগঠনৰ সদস্যই; নিৰ্লিপ্ত উপস্থিত আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2025 9:33 pm

দেশত পুনৰ পোহৰলৈ আহিছে শিক্ষক নিগ্ৰহৰ ঘটনা। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ভীম ৰাও আম্বেদকাৰ মহাবিদ্যালয়ৰ অধ্যাপক সুজিত কুমাৰক চৰ সোধালে বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দীপিকা ঝাই। সম্প্ৰতি চিচিটিভি কেমেৰাত বন্দী হোৱা এই মুহূৰ্তটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ডেমক্ৰেটিক টিচাৰ্ছ ফ্ৰণ্টে দাবী কৰা মতে, বুধবাৰে বিবাদৰ সময়ত দীপিকা ঝাই অধ্যক্ষৰ কাৰ্যালয়ৰ ভিতৰত মহাবিদ্যালয়খনৰ অনুশাসন সমিতিৰ অধ্যক্ষ তথা বাণিজ্য বিভাগৰ অধ্যাপক কুমাৰক আক্ৰমণ কৰে।

ঘটনা অনুসৰি অধ্যাপক কুমাৰ এবিভিপিৰ ফালৰ পৰা দিয়া চাপৰ বাবে তাৎক্ষণিকভাৱে পদত্যাগ কৰিবলৈ বাধ্য হয়।

কুমাৰে কয় যে শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰীসকলক দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সমৰ্থকৰ দ্বাৰা প্ৰহাৰ আৰু অপমান কৰা হৈছিল। পাছত আৰক্ষী বিষয়াসকল উপস্থিত হৈ শিক্ষকসকলক কিছু সুৰক্ষা প্ৰদান কৰে।

কুমাৰৰ মতে, অধ্যক্ষৰ কাৰ্যালয়ত এই বৈঠকৰ উদ্দেশ্য আছিল বিশেষ। অভিযোগ অনুসৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে NSUIৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল। আৰু ইয়াৰে আলোচনাৰ বাবে বৈঠকৰ আহ্বান কৰা হৈছিল।

ইপিনে দীপিকা ঝাই বলপূৰ্বক পদত্যাগৰ দাবী অস্বীকাৰ কৰি কয় যে অধ্যাপকজনে শিক্ষাৰ্থীসকলক উচটনি দিয়াৰ পাছতহে এই কাম কৰিছিল। লগতে ঝাই অধ্যাপক কুমাৰৰ বিৰুদ্ধে মদ্যপান কৰি অভব্য আচৰণৰো অভিযোগ কৰে ।

শেহতীয়াকৈ ঝাই চৰ মৰা ঘটনাক আৱেগিক আচৰণ বুলি অভিহিত কৰি দুখ প্ৰকাশ কৰে। আৰু এই কাণ্ডৰ বাবে সমগ্ৰ শিক্ষক সমাজৰ ওচৰত ক্ষমা বিচাৰে।

এএনআইক দিয়া বক্তব্যত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদকগৰাকীয়ে লগতে কয় যে তেওঁৰ শিক্ষক সমাজক অসন্মান কৰাৰ কোনো উদ্দেশ্য নাছিল।