NORTHEAST NOW (Assamese)
অসম

অপাৰেশ্যন সিন্দূৰৰ পিছত এইবাৰ ম্যানমাৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতীয় সেনা বাহিনীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2025 1:44 pm

অপাৰেচন সিন্দূৰৰ পিছত এইবাৰ ম্যানমাৰত ‘চাৰ্জিকেল ষ্টাইক’ চলালে ভাৰতীয় সেনা বাহিনীয়ে।

খবৰ অনুসৰি ভাৰতীয় সেনাই ড্ৰ’ন আক্ৰমণৰ দ্বাৰা নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (খাপ্লাং-য়ুংগাং)ৰ এটা শিবিৰ ধ্বংস কৰিছে।

সূত্ৰ অনুসৰি সোমবাৰে নিশা এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা গৃহযুদ্ধৰ বাবে জ্বলি আছে ম্যানমাৰ। যাৰ বাবে ভাৰত-ম্যানমাৰ সীমান্তত বিদ্ৰোহী সশস্ত্ৰ সংগঠনৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ফলত সেনাই চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।

১৬ অক্টোবৰত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ সেনা শিবিৰত আলফা(স্বা)এ আক্ৰমণ চলাইছিল।

আনহাতে, একেদিনাই এন এছ চি এন (খাপ্লাং-য়ুংগাং) গোটেও  অৰুণাচল প্ৰদেশৰ চাংলঙৰ অসাম ৰাইফলছৰ শিবিৰত আক্ৰমণ চলায়। ইয়াৰ পূৰ্বে ২০১৭ চনত এই উগ্ৰপন্থীয়ে চাংলং অঞ্চলৰ ভাৰতীয় সেনাৰ ঘাটিত আক্ৰমণ চলাইছিল।