NORTHEAST NOW (Assamese)
জীৱনশৈলী

চুলি পকা সমস্যাৰ বাবে কেইটামান ঘৰুৱা উপায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 6:45 am

চাৰি চামুচ মেথি গুটি একাপ পানীত গোটেই ৰাতি তিয়াই থওক। পিছদিনা পুৱা গুটিবোৰ মিহিকৈ বটি পেষ্ট বনাওক। এই পেষ্টত দুই চামুচ নাৰিকল তেল মিহলাই মূৰৰ চুলিৰ গুৰিত ভালদৰে মালিচ কৰক।  আধা ঘণ্টা ৰাখি পৰিষ্কাৰ পানীৰে ধুই দিয়ক। সপ্তাহত দুবাৰকৈ কৰিলে সুফল পোৱা যায়।

 সপ্তাহত এবাৰকৈ চুলিত আমলখিৰ তেল মালিচ কৰিব পাৰে। আমলখিৰ গুড়ি, চাহপাতৰ ৰস, কফিৰ গুড়ি, জেতুকা পাতৰ ৰস মিহলাই সানিলেও চুলিৰ ৰং কলা হোৱাত সহায় কৰে।

জেতুকা পাতৰ পেষ্টৰ লগত কফিৰ গুড়ি মিহলাই চুলিত সানিলে চুলি কলা হয়।

চাহ ঠাণ্ডা হোৱাৰ পাছত চুলিত ভালদৰে লগাই আধা ঘণ্টাৰ পৰা এঘণ্টালৈ ৰাখি ধুই দিয়ক। ই চুলিক এটা কলা আভা দিয়ে।

 সপ্তাহত এবাৰ বা দুবাৰ খাঁটি নাৰিকল তেল বা সৰিয়হ তেলেৰে মূৰৰ গুৰি মালিচ কৰিলে চুলিৰ গুৰিলৈ তেজৰ সঞ্চালন নিয়মীয়া হয় আৰু চুলি নপকে।