NORTHEAST NOW (Assamese)
Popular Stories

কোকৰাঝাৰ বিস্ফোৰণঃ অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত সন্দেহযুক্ত মাওবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 4:10 pm

কোকৰাঝাৰ জিলাৰ ৰে’লপথত শেহতীয়াকৈ সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ আঁৰত থকা বুলি অভিযোগ উত্থাপন হোৱা এজন সন্দেহযুক্ত মাওবাদীক শনিবাৰে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পুষপ্ৰজ সিঙে সংবাদমেল সম্বোধন ২৩ অক্টোবৰ বৃহস্পতিবাৰে বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীৰ সন্ধানত নদংগুৰিত চলোৱা অভিযানৰ সময়ত এই এনকাউণ্টাৰ হোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে নিহত অপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু (৪০) নামৰ যুৱকজন অসম আৰু ঝাৰখণ্ডত একাধিক বিদ্ৰোহী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। সেই স্থানৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, দুটা গ্ৰেনেড, এখন ভোটাৰ কাৰ্ড, আৰু এখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। সিঙে কয় যে ২০২৪ চনৰ অক্টোবৰ মাহত ঝাৰখণ্ডত সংঘটিত অনুৰূপ ৰে’ল বিস্ফোৰণৰ সৈতে মুৰ্মুৰ সম্পৰ্ক আছিল আৰু কোকৰাঝাৰ বিস্ফোৰণৰত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল।

পূৰ্বতে এন এছ এল এৰ বিদ্ৰোহী গোটৰ সদস্য মুৰ্মুয়ে আত্মসমৰ্পণৰ পিছত ঝাৰখণ্ডলৈ পলায়ন কৰি নতুন সংগঠন গঠন কৰে আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰে। পিছলৈ মুৰ্মুয়ে মাওবাদী গোটত যোগদান কৰি নিজৰ উগ্ৰপন্থী নেটৱৰ্ক সম্প্ৰসাৰণ কৰে  বুলি জানিব পৰা গৈছে। আৰু শেহতীয়া কৈ মুৰ্মুক আটক কৰিবলৈ আৰু মুৰ্মুৰ সহযোগীসকলক অনুসৰণ কৰাৰ লগতে সন্ত্ৰাসবাদী নেটৱৰ্কটো নিঃশেষ কৰিবলৈ ঝাৰখণ্ড আৰক্ষীৰ সৈতে যৌথ অভিযান চলি আছিল বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।