NORTHEAST NOW (Assamese)
Popular Stories

ধূমপান নকৰাকৈ আপুনি নিৰাপদ নে? পৰোক্ষ ধূমপান কিমান ক্ষতিকাৰক সেই কথা জানক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2025 6:30 am

ধূমপান স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সেয়া সকলোৱে জানে। আনকি চিগাৰেটৰ পেকেটেও ছবিৰে ক্ৰেতাক সেয়া সকীয়াই দিয়ে। ফলত জানি-বুজি ধূমপান কৰা সকলৰ ক্ষতি অনিবাৰ্য। কিন্তু একেদৰে চিগাৰেট নোখোৱাকৈও ক্ষতি হব পাৰে। কেনেকৈ? কল্পনা কৰকচোন, আপুনি চিগাৰেট নাখায়। কিন্তু যদি আপোনাৰ উশাহ-নিশাহৰ সৈতে চিগাৰেটৰ ধোঁৱা আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, তেন্তে আপুনিও স্বাস্থ্যৰ ক্ষতিৰ সন্মুখীন হব লাগিব। আৰু এনে নিষ্ক্ৰিয় ধূমপানৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আৰু অধিক।

বিশেষজ্ঞসকলে কয় যে চিগাৰেটৰ ধোঁৱাত সাত হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে। এই ৰাসায়নিক পদাৰ্থৰ ভিতৰত প্ৰায় ৭০ টা বিষাক্ত পদাৰ্থ যেনে নিকোটিন, কাৰ্বন মনোক্সাইড, ফৰ্মেলডিহাইড, বেনজিন, এমোনিয়া আদি শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰে। ফলত যদি কোনোবাই আপোনাৰ ওচৰত ধূমপান কৰে, আৰু সেই ধোঁৱা উশাহ লোৱাৰ জৰিয়তে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, তেন্তে আপোনাৰো ক্ষতি হব।

ইয়াৰ ক্ষতি কি?

(১) নিষ্ক্ৰিয় ধূমপানে হৃদৰোগ, ষ্ট্ৰোক, হাওঁফাওঁৰ কৰ্কট ৰোগ আদিৰ সম্ভাৱনা কেইবাবাৰো বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যদি আপুনি নিয়মিতভাৱে ধূমপায়ীৰ ওচৰত থাকে তেন্তে আপুনি বিপদত পৰিব।

(২) নিষ্ক্ৰিয় ধূমপানত বিষাক্ত ধোঁৱাৰ কণিকাবোৰে শ্বাস-প্ৰশ্বাসতন্ত্ৰক সংক্ৰমিত কৰে। ফলত হাওঁফাওঁৰ ক্ষতি হয়।

(৩) নিষ্ক্ৰিয় ধূমপানে ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চি অ পি ডিৰ সম্ভাৱনা কেইবাবাৰো বৃদ্ধি কৰে। ইয়াৰ উপৰিও হাঁপানী আৰু উশাহ-নিশাহৰ সমস্যা আদি বিভিন্ন সমস্যা বাঢ়ি যায়।

(৪) গৰ্ভৱতী মহিলাৰ আশে-পাশে ধূমপান কৰিলেও গৰ্ভস্থ শিশুৰ প্ৰভাৱ পৰে। আনকি সেই শিশুটিও ভৱিষ্যতে হাওঁফাওঁৰ সমস্যাত ভুগিব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

(১) নিষ্ক্ৰিয় ধূমপায়ীৰ ক্ষেত্ৰত এই ধোঁৱা পোনে পোনে শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে। ফলত ক্ষতিৰ সম্ভাৱনা অধিক। গতিকে, ধূমপায়ীসকলৰ পৰা আঁতৰি থাকক।

(২) যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ ওচৰ-চুবুৰীয়া কোনো লোকে ধূমপান বন্ধ কৰক। বা, সেই ঠাইৰ পৰা আঁতৰি থাকক।

(৩) মাস্ক পৰিধান কৰক। ৰাস্তাত খোজ কঢ়াৰ সময়ত ধূমপান কৰা কোনো লোকৰ পৰা আঁতৰি থাকক।

(৪) শিশু আৰু বৃদ্ধৰ ওচৰত যদি কোনোবাই ধূমপান কৰে তেন্তে পোনপটীয়াকৈ বন্ধ কৰক।