NORTHEAST NOW (Assamese)
Popular Stories

ইজিপ্তীয়-আমেৰিকান চলচ্চিত্ৰ মহোৎসৱ ২০২৫ লৈ নিৰ্বাচিত দুখন কৈ অসমীয়া ছবি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 9:30 pm

ইজিপ্তীয়-আমেৰিকান চলচ্চিত্ৰ মহোৎসৱ ২০২৫-ৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত দুখন অসমীয়া ছবি “যোদ্ধা – দ্যা ৱাৰিয়ৰ” – পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শাখাত, আৰু ​”ইনক্লিনেশ্বন” চুট ছবি শাখাত, ইজিপ্তীয় আমেৰিকান চলচ্চিত্ৰ মহোৎসৱ (EAFF) ২০২৫-ৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মহোৎসৱটি নিউয়ৰ্কৰ কলেজ অৱ ষ্টেটেন আইলেণ্ড (CSI)-ৰ চেণ্টাৰ ফৰ দ্য আৰ্টছত অহা ৩১ অক্টোবৰৰ পৰা ৪ নৱেম্বৰ, ২০২৫ লৈকে অনুষ্ঠিত হ’ব।

​এই বছৰৰ ই এ এফ এফ-এ বিশ্বৰ চিনেমা উদযাপন কৰিবলৈ ওলাইছে, য’ত ১০২ খনতকৈও অধিক দেশৰ পৰা ৫,১০০ খন চলচ্চিত্ৰ দাখিল কৰা হৈছিল।

​ই এ এফ এফ-এ (EAFF) চলচ্চিত্ৰ উদ্যোগৰ শ্ৰেষ্ঠ প্ৰতিভাৱান ব্যক্তিসকলক প্ৰতিবছৰে সন্মান জনাই আহিছে। এই বছৰ, মহোৎসৱে কিম্বদন্তী ইজিপ্তীয় অভিনেতা আদেল ইমামক তেওঁৰ ইজিপ্তীয় আৰু আৰবী চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত লৈছে।

​দুটা ভিন্ন প্ৰতিযোগিতামূলক শাখাত এই দ্বৈত বাছনি নিৰ্মাতাৰ চলচ্চিত্ৰ নিৰ্মাণ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ই আমাৰ সমগ্ৰ সৃষ্টিশীল দলটোৰ আৱেগ, নিষ্ঠা, আৰু সহযোগীতাক প্ৰতিফলিত কৰিবলৈ হয়টো কোনোবা খিনিত সক্ষম হৈছে ।

তেওঁ লগতে কয় যে আমাৰ এই কামক স্বীকৃতি দিয়াৰ বাবে মহোৎসৱৰ আয়োজক তথা জুৰীসকলৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে, এই ছবি কেইখনক বাস্তৱ ৰূপ দিয়াৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিজন শুভাকাংক্ষীলৈ মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

তেওঁ লগতে সংযোগ কৰে যে সকলোৰে আৰ্শীবাদৰে ​আমি  ই এ এফ এফ ২০২৫-ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমাৰ চিনেমাক প্ৰতিনিধিত্ব কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আমাৰ এই কামক স্বীকৃতি দিয়াৰ বাবে মহোৎসৱৰ আয়োজক তথা জুৰীসকলৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে, এই ছবি কেইখনক বাস্তৱ ৰূপ দিয়াৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিজন শুভাকাংক্ষীলৈ মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।