NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা কোভিড-১৯ত আক্ৰান্ত; জিএমচিএইচত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2021 2:53 pm
Neel pawan Baruah

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা কোভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে পুৱা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, শুকুৰবাৰে নিশা ৮৫বছৰীয়া যশস্বী চিত্ৰশিল্পীগৰাকীৰ কোভিড-১৯ পজিটিভ  ধৰা পৰে।

জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই জানিবলৈ দিয়া মতে বৰ্তমান শিল্পীগৰাকী সুস্থ আৰু অক্সিজেনৰ ক্ষেত্ৰতো কোনো সমস্যাই দেখা দিয়া নাই।

শিল্পীগৰাকীক অক্সিজেন সংযুক্ত বিচনাত ৰখা হৈছে আৰু সেয়েহে এইক্ষেত্ৰত কোনো সমস্যা নাই বুলি জানিবলৈ দিয়ে অধ্যক্ষ বৈশ্যই।

আছাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছচাইটিৰ প্ৰতিষ্ঠাপক চিত্ৰশিল্পী নীলপৱন বৰুৱা মহানগৰীৰ সৌৰভ নগৰৰ বাসিন্দা।