NORTHEAST NOW (Assamese)
অসম

গছপুলি ৰোপণৰ সমান্তৰালকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰয়াসেৰে টীয়কত বিশ্ব পৰিবেশ দিৱস পালন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 5, 2021 2:12 pm
Plantation in Teok

বিশ্বৰ অন্যপ্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

টীয়কত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ সহযোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, আৰক্ষী থানাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰে।

এই কাৰ্যসূচীত মেচ-কছাৰী যুৱ পৰিষদৰ লগতে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকগোট তথা বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে বিশেষকৈ পাৰকিয়া প্ৰজাতিৰ এক গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰটোৱে।

লগতে এই পাৰকিয়া গছে প্ৰকৃতিৰ সুৰক্ষাৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱেও সকলোকে স্বাৱলম্বী কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

সেয়ে আজিৰ এই বিশেষ দিনটোত সকলোকে এই পাৰকিয়া গছপুলি ৰোপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰতিষ্ঠানটোৱে।