NORTHEAST NOW (Assamese)
অসম

RBI য়ে সলনি কৰিছে ঋণ প্ৰদানৰ নিয়ম; কোন হ’ব অধিক উপকৃত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2020 8:37 am
WhatsApp Image 2020-09-05 at 8.05.58 AM

আপুনি যদি ষ্টাৰ্টআপৰ বাবে ঋণ লোৱাৰ কথা ভাৱিছে, তেনেহ’লে আপোনাৰ বাবে আছে ডাঙৰ সকাহৰ খৱৰ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰায়’ৰিটি ছেক্টৰ লেণ্ডিং(PSL)ৰ সৈতে জড়িত সংশোধিত নীতি-নিৰ্দেশনা জাৰি কৰিছে।

ৰিজাৰ্ভ বেংকৰ নতুন নিয়মৰ সুবিধা ক্ষুদ্ৰ খেতিয়কেও লাভ কৰিব।

ৰিজাৰ্ভ বেংকৰ সংশোধিত নিয়ম অনুসৰি ৫০কোটি টকালৈকে ষ্টাৰ্ট আপ, খেতিয়কে ছোলাৰ প্লেন্ট আৰু কম্প্ৰেছড বায়’গেছ প্লেন্টৰ বাবে প্ৰায়’ৰিটি ছেক্টৰ হিচাপে ঋণ লাভ কৰিব পাৰিব।

ৰিজাৰ্ভ বেংকে কৈছে যে নতুন নীতি-নিৰ্দেশনাত প্ৰায়’ৰিটি ছেক্টৰ হিচাপে ঋণ দিয়াৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ চেষ্টা কৰা হৈছে।

আনহাতে, যিবোৰ জিলাত প্ৰায়’ৰিটি ছেক্টৰ হিচাপে দিয়া ঋণৰ মাত্ৰা কম হৈ আছে তাত অধিক গুৰুত্ব দিয়া হৈছে।

ৰিজাৰ্ভ বেংকৰ মতে ইয়াৰ দ্বাৰা নবীকৰণযোগ্য শক্তি (renewable energy) আৰু স্বাস্থ্যৰ আন্তৰ্গাঁথনি খণ্ডত ক্ৰেডিট ফ্ল’ বৃদ্ধি পাব।

ইপিনে, উক্ত দুটা খণ্ডৰ বাবে ঋণৰ পৰিমান দুগুণলৈ বৃদ্ধি কৰা হৈছে।