NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনী প্ৰচাৰত AIৰ ব্যৱহাৰত কঠোৰ নিৰ্দেশ: নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 8:30 pm

নিৰ্বাচন আয়োগে ৰাজনৈতিক দল সমূহক নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কবাণী জাৰি কৰিছে। নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰিবলৈ ৰাজনৈতিক দলসমূহক ভাৰতৰ নিৰ্বাচন আয়োগে পৰামৰ্শ দিছে। আয়োগে কয় যে এআই ব্যৱহাৰ কৰি সৃষ্টি কৰা ছবি, অডিঅ’ বা ভিডিঅ’ৰ দৰে বিষয়বস্তুৱে ভুল তথ্য বিয়পাই নিৰ্বাচনী পৰিৱেশ দূষিত কৰিছে।

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আয়োগে ঘোষণা কৰে যে ৰাজনৈতিক দলৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এআইৰ দ্বাৰা সৃষ্ট বা পৰিৱৰ্তিত বিষয়বস্তু ধৰা পৰিলে বা ৰিপ’ৰ্ট হ’লে তিনি ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব। প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা এআই নিৰ্মিত ছবি, অডিঅ’, ভিডিঅ’ত ‘এআই-উৎপন্ন’, বা ‘ডিজিটেলী প্ৰস্তুত’কৰা বুলি স্পষ্টভাৱে উল্লেখ থাকিব লাগিব। ভিডিঅ’ৰ ক্ষেত্ৰত এই লেবেল পৰ্দাৰ ওপৰত দেখুৱাব লাগিব আৰু দৃশ্যৰ কমেও ১০ শতাংশ সময় বা অডিঅ’ৰ প্ৰাৰম্ভিক ১০ শতাংশ সময় সামৰি ল’ব লাগিব।

আয়োগে ৰাজনৈতিক দলসমূহক আই সৃষ্ট ছবি, অডিঅ’, ভিডিঅ’ত নিৰ্মাতাৰ বিৱৰণ আৰু টাইমষ্টাম্পৰ ৰেকৰ্ড ৰাখিবলৈও নিৰ্দেশ দিছে, যাতে পৰীক্ষণৰ বাবে প্ৰয়োজন হ’লে প্ৰদান কৰিব পৰা যায়।

উল্লেখ্য যে শেহতীয়াকৈ দেশৰ ৰাজনীতিত প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা অসৎ পন্থা বিশেষ কৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এআই ব্যৱহাৰ কৰি ভুল তথ্য বিয়পোৱাৰ অভিযোগৰ মাজতে এই পৰামৰ্শ জাৰি কৰা হৈছে।

দলৰ সভাপতি, অধ্যক্ষ আৰু সাধাৰণ সম্পাদকসকলক পত্ৰযোগে আয়োগে জনায় যে কৃত্ৰিমভাৱে সৃষ্ট তথ্য প্ৰচাৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতা নষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আয়োগে স্পষ্ট কৰি দিছে যে কোনো ব্যক্তিৰ সন্মতি অবিহনে তেওঁৰ পৰিচয়, চেহেৰা বা কণ্ঠক ভুলভাৱে উপস্থাপন কৰা ছবি, অডিঅ’, ভিডিঅ’ প্ৰচাৰ কৰাটো বেআইনী। এনে কাৰ্যই ভোটাৰক বিপথে পৰিচালিত বা প্ৰতাৰিত কৰাৰ সম্ভাৱনা অধিক।