NORTHEAST NOW (Assamese)
Popular Stories

এ আইয়ে ল’ব আমাজনৰ ৩০ হাজাৰ কৰ্মচাৰীৰ স্থান…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2025 2:24 pm

বিশ্বৰ শীৰ্ষস্থানীয় ই-কমাৰ্চ সংস্থা আমাজনে বৃহৎ পৰিসৰত কৰ্মচাৰী হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে বিশ্বজুৰি প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ উদ্যোগ লৈছে। ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, খৰচ কমোৱা আৰু ভৱিষ্যৎ ব্যৱসায়িক কৌশলক অধিক দৃঢ় কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সংস্থাটোৰ চিইঅ’ এণ্ডি জেছিয়ে ইতিমধ্যে কোম্পানীৰ ভিতৰত বৃদ্ধি পোৱা আমোলাতন্ত্ৰ হ্ৰাস কৰাৰ কথা উল্লেখ কৰিছে। আৰু বিগত বৰ্ষৰ জুন মাহত এআইৰ ব্যৱহাৰ কৰাৰ ফলত হোৱা উৎপাদন বৃদ্ধিয়েও ভৱিষ্যতে আৰু অধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ ইংগিত বহন কৰিছে।

সংস্থাটোৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে, ক’ভিড-১৯ মহামাৰীৰ সময়ত অনলাইন ক্ৰয়-বিক্ৰীৰ চাহিদা ঊৰ্ধ্বমুখী হোৱাৰ লগে লগেই আমাজনে বৃহৎ পৰিসৰত কৰ্মচাৰী নিযুক্তি কৰিছিল। সাম্প্ৰতি বজাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু বহু খণ্ডত চাহিদা হ্ৰাস পাইছে। ফলস্বৰূপে আমাজনে কৰ্মচাৰী হ্ৰাস কৰি খৰচ নিয়ন্ত্ৰণৰ কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে। ইয়াৰ পূৰ্বে ২০২২ চনৰ শেষত কোম্পানীয়ে প্ৰায় ২৭ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল।

উল্লেখ্য যে আমাজনৰ বিশ্বজুৰি প্ৰায় ১৫.৫ লাখ কৰ্মচাৰী আছে, যাৰ ভিতৰত গুদাম আৰু ডেলিভাৰী নেটৱৰ্কত কাম কৰা সকলো। কিন্তু কৰ্পৰেট বিভাগৰ পৰিচালনা, প্ৰযুক্তি, পৰিকল্পনা আদিৰ ক্ষেত্ৰৰ প্ৰায় ৩.৫ লাখ কৰ্মচাৰী আছে। বিশ্বব্যাপি ৩০ হাজাৰ কৰ্মচাৰীৰ বৰ্খাস্তকৰণৰ ফলত কোম্পানীটোত প্ৰায় ১০% কৰ্পৰেট কৰ্মচাৰী হ্ৰাস পাব।

প্ৰতিবেদন অনুসৰি, এই পদক্ষেপে মানৱ সম্পদ (HR) বিভাগ, ডিভাইচ আৰু সেৱা (যেনে এলেক্সাৰ দল) আৰু অপাৰেচন বিভাগসমূহক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিব।