NORTHEAST NOW (Assamese)
Popular Stories

টুইটাৰত তীব্ৰ বাক-যুদ্ধ! অসমৰ মুখ্যমন্ত্ৰীক ‘তৃতীয় শ্ৰেণীৰ কুটিল’ আখ্যা প্ৰিয়ংক খাৰ্গেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2025 1:14 pm

ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ আৰম্ভ হোৱা বিতৰ্কই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ মাজত এক তীব্ৰ বাদানুবাদৰ সৃষ্টি কৰিছে। দুয়োগৰাকী নেতাই সামাজিক মাধ্যমৰ মঞ্চত এজনে আনজনক আক্ৰমণ কৰি গৈ আছে, যাৰ ফলত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বুধবাৰে এই বিতৰ্কই এক নতুন পাক লয়, যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তৃতীয় শ্ৰেণীৰ কুটিল‘ (Third-class crook) বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী শৰ্মাই খাৰ্গেক এক নম্বৰ মূৰ্খআখ্যা দিছিল। দুয়োগৰাকী নেতাই পৰস্পৰে ব্যক্তিগত আক্ৰমণ চলোৱাত ৰাজনৈতিক মহলত উত্তেজনা বৃদ্ধি পাইছে।

উল্লেখ্য যে প্ৰিয়ংক খাৰ্গেয়ে বেংগালুৰুৰ পৰিৱৰ্তে বিজেপি শাসিত অসম আৰু গুজৰাটত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই বিতৰ্কৰ সূচনা হৈছিল। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে, “গুজৰাট আৰু অসমত কি আছে? তাত প্ৰতিভা আছেনে?”

দেওবাৰে কৰা এই মন্তব্যৰ পাছতেই বিৰোধী দলৰ লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ তৰফৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হয় খাৰ্গে। বহুতে অভিযোগ কৰে যে তেওঁ এই মন্তব্যৰ জৰিয়তে আন ৰাজ্যক অপমান কৰিছে।

অৱশ্যে, বিতৰ্ক তীব্ৰতৰ হোৱাৰ পাছতো খাৰ্গেয়ে নিজৰ স্থিতিত অটল থাকে। বুধবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে “এইটোৱে তেওঁৰ শ্ৰেণী বিশেষাধিকাৰ আৰু মুখ্যমন্ত্ৰীৰ চকীখনৰ বলত তেওঁ যি বিশেষাধিকাৰ লাভ কৰিছে তাকে প্ৰতিফলিত কৰিছে। ইয়াৰ বাহিৰে ইয়াত একো নাই। তেওঁ মোৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰি ইয়াক বিতৰ্কৰ সূত্ৰপাত কৰিছে। কিন্তু সত্যটো লুকাই নাথাকে, তেওঁ নিজেই টুইট কৈছিল যে অসমৰ পৰা বহু লোক প্ৰশিক্ষণৰ বাবে বেংগালুৰুলৈ আহে। আমি তেওঁলোকক আদৰণি জনাই আহিছোঁ। মুখ্যমন্ত্ৰীৰ শৰ্মাৰ ভাষাই তেওঁৰ হতাশাৰ কথা প্ৰকাশ কৰিছে। তৃতীয় শ্ৰেণীৰ কুটিলএজনৰ পৰা আৰু কি আশা কৰিব পাৰি?”

ইয়াৰ পূৰ্বে ২৭ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুনিয়ৰ খাৰ্গেক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে খাৰ্গেয়ে অসমৰ যুৱক-যুৱতীক অশিক্ষিতবুলি অপমানকৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল: “প্ৰিয়াংক খাৰ্গে এক নম্বৰ মূৰ্খ। তেওঁ অসমীয়া যুৱকক অপমান কৰিছে আৰু কংগ্ৰেছে এই কথাটো এতিয়াও গৰিহণা দিয়া নাই। আমি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰো কাৰণ তেওঁ কৈছে যে অসমত শিক্ষিত যুৱক-যুৱতী নাই। এয়া সমগ্ৰ অসমীয়া যুৱক-যুৱতীৰ প্ৰতি অপমান।” ইয়াৰ পিছতে  এই বিতৰ্কত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাইও জঁপিয়াই পৰে। পীযুষ হাজৰীকাই এক্সৰ পোষ্টত এই অভিযোগো কৰে যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে কেৱল অসমৰ সংস্কৃতি আৰু সম্পদক লৈ উপহাস কৰি থাকে, যাৰ মূল্য কংগ্ৰেছে ২০২৬ চনত পাবলৈ সাজু থাকিব লাগিব।

বৰ্তমান দুয়ো পক্ষৰ মাজত চলি থকা এই তীব্র বাক্ যুদ্ধ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতি গৰম কৰি ৰাখিছে।