NORTHEAST NOW (Assamese)
Popular Stories

আনুষ্ঠানিক কাৰণ অবিহনে দিল্লী স্কুল অৱ ইক’নমিক্সৰ আলোচনাচক্ৰ বাতিল, আহ্বায়কে দিলে পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2025 7:32 pm

দিল্লী স্কুল অৱ ইকনমিক্সৰ এখন বহুপ্ৰত্যাশিত আলোচনাচক্ৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ নিৰ্দেশত বাতিল কৰা হৈছে। এই স্কুলখনে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত কাম কৰে।

‘Land, Property and Democratic Rights’ (ভূমি, সম্পত্তি আৰু গণতান্ত্ৰিক অধিকাৰ) শীৰ্ষক এই আলোচনাচক্ৰখন সমাজতত্ত্ব বিভাগৰ শুক্ৰবৰীয়া ককিয়াম’ (Friday Colloquium) শৃংখলাৰ অংশ হিচাপে আয়োজন কৰা হৈছিল আৰু অহা কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। চেন্টাৰ ফৰ পলিচি ৰিচাৰ্ছৰ জ্যেষ্ঠ ফেলো ড০ নমিতা ৱাহীক এই আলোচনাচক্ৰত সম্পত্তিৰ অধিকাৰৰ সাংবিধানিক সালসলনি আৰু ন্যায়িক ব্যাখ্যা সম্পৰ্কে ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল।

সূত্ৰ অনুসৰি, অনুষ্ঠানটো বাতিল কৰাৰ নিৰ্দেশ উপাচাৰ্য্য যোগেশ সিং আৰু পঞ্জীয়ক বিকাশ গুপ্তাৰ ফালৰ পৰা আহিছিল। কিন্তু বিভাগৰ অধ্যাপকসকলে অভিযোগ কৰা মতে, এই বাতিলকৰণৰ কোনো আনুষ্ঠানিক কাৰণ প্ৰদান কৰা হোৱা নাই।

দ্য ৱায়াৰে উপাচাৰ্য্য সিং, পঞ্জীয়ক গুপ্তা, মানৱিকী আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ডীন উজ্জন সিং আৰু সমাজতত্ত্ব বিভাগৰ মুৰব্বী অনুজা আগৰৱাললৈ এই সম্পৰ্কে লিখিছিল যদিও কোনো উত্তৰ পোৱা নগল।

এই ককিয়ামৰ আহ্বায়ক আৰু ডিএছইৰ সমাজতত্ত্ববিদ নন্দিনী সুন্দৰে এই ঘটনাত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ছচিয়েল মিডিয়াত মত প্ৰকাশ কৰিছে। তেওঁৰ পোষ্টত লিখিছিল— “যিহেতু মই আৰু গৱেষণা ককিয়ামৰ বৌদ্ধিক অখণ্ডতা অক্ষুণ্ণ ৰখাৰ বাবে বা শেষ মূহূৰ্তত মনৰ মৰ্জিমতে বাতিল নোহোৱাৰ নিশ্চয়তা দিব নোৱাৰো, মই ককিয়ামৰ আহ্বায়ক পদৰ পৰা পদত্যাগ কৰিলোঁ।

সুন্দৰে লগতে দাবী কৰে যে কোনো আনুষ্ঠানিক কাৰণ নজনোৱাকৈয়ে এই অনুষ্ঠান বাতিল কৰা হল। তেওঁ ছচিয়েল মিডিয়াৰ টোকাত পুনৰ লিখিছিল, “বাতিলকৰণৰ বাবে লিখিত বা আন কোনো কাৰণ জনোৱা হোৱা নাই, গতিকে আমি কেৱল ইয়াকেহে অনুমান কৰিব পাৰোঁ যে আৰএছএছ নেতৃত্বাধীন চৰকাৰে ভূমি আৰু গণতান্ত্ৰিক অধিকাৰ সম্পৰ্কীয় যিকোনো আলোচনাক লৈ আতংকিত হৈছে।

তেওঁ লগতে উল্লেখ কৰে যে এই শুক্ৰবাৰীয়া ককিয়াম দিল্লী স্কুল অৱ ইকনমিক্সৰ সমাজতত্ত্ব বিভাগৰ আটাইতকৈ পুৰণি অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম, আৰু বিভাগটো প্ৰতিষ্ঠা হোৱাৰ পিছত জৰুৰীকালীন অৱস্থা আৰু আন সকলো দশকতো এই অনুষ্ঠানটোৱে স্বতন্ত্ৰভাৱে কাম কৰি আহিছে।