NORTHEAST NOW (Assamese)
Popular Stories

অন্ধ্ৰ প্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ জন লোকৰ মৃ*ত্যু!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 3:42 pm

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত শনিবাৰে হোৱা পদপিষ্টৰ ঘটনাত কমেও দহজন ভক্তৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আহত হয়। হিন্দুসকলৰ বাবে শুভ দিন একাদশীত মন্দিৰত ভক্তৰ প্ৰচণ্ড ভিৰৰ মাজতে এই ভয়াবহ ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

কাছিবুগা মহকুমাৰ ভাৰপ্ৰাপ্ত ডি এছ পি লক্ষ্মণ ৰাৱে কয় যে কাছিবুগা চহৰৰ ভেংকটেশ্বৰ মন্দিৰত পুৱা প্ৰায় ১১.৩০ বজাত এই ভয়াবহ ঘটনা সংঘটিত হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগে লগে আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মন্দিৰ চৌহদৰ পৰা লাভ কৰা দৃশ্যত দেখা গৈছে যে ভক্তসকলে এই শোকাৱহ দুৰ্ঘটনাৰ পিছত মাটিত নিশ্চল হৈ পৰি আছে।

উল্লেখযোগ্য যে এই শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ মাত্ৰ চাৰি মাহৰ পূৰ্বে উদ্বোধন কৰা হৈছিল আৰু পূৰ্বৰ চৰকাৰী অনুমোদন অবিহনে এই সমাৱেশ অনুষ্ঠিত হৈছিল। সেই সময়ত ভক্তসকলে গোট খোৱা অঞ্চলটো নিৰ্মাণৰ কাম চলি আছিল আৰু মন্দিৰৰ প্ৰৱেশ আৰু প্ৰস্থানৰ স্থান একে হোৱাৰ বাবে তীখাৰ ৰেলিং ভাঙি পৰাৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল।

মুখ্যমন্ত্রীৰ কার্যালয়ৰ এক বিবৃতি অনুসৰি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীৰ দল আৰু জৰুৰীকালীন লোক ঘটনাস্থলীত উপস্থিত হয়৷ ঘটনাৰ কিছু সময়ৰ পাছতে ৰাজ্যৰ কৃষি মন্ত্ৰী কে আচ্চান্নাইডুৱে মন্দিৰত উপস্থিত হৈ মন্দিৰ কৰ্তৃপক্ষৰ সৈতে সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়। ভিৰ পৰিচালনা আৰু সাহায্য প্ৰদানৰ কামত সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।