NORTHEAST NOW (Assamese)
Popular Stories

হ্ৰাস পাইছে বাণিজ্যিক গেছৰ দাম! কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব নতুন দাম?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 4:08 pm

উৎসৱৰ মাহত বৃদ্ধি পালে দাম। উৎসৱ শেষ হোৱাৰ লগে লগে হ্ৰাস পালে এল পি জি চিলিণ্ডাৰৰ দাম। কিন্তু এই মূল্যবৃদ্ধি ১৯ কেজি অৰ্থাৎ বাণিজ্যিক গেছৰ ক্ষেত্ৰত প্ৰযোজ্য। নৱেম্বৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে নতুন মূল্য।

ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি কলকাতাত ১৯ কেজি বাণিজ্যিক গেছৰ মূল্য ৬ টকা ৫০ পইচা হ্ৰাস পাই ১৬৯৪ টকা হৈছে। অক্টোবৰ মাহত কলকাতাত বাণিজ্যিক গেছৰ মূল্য আছিল ১৭০০ টকা ৫০ পইচা। বিগত মাহৰ তুলনাত নৱেম্বৰ মাহত ৰাজধানী দিল্লীত ইয়াৰ মূল্য আছিল ১৫৯০.৫০ টকা। চেন্নাইত ৪ টকা ৫০ পইচা হ্ৰাস পাই ১৭৫০ টকা হয়। বাণিজ্যিক চহৰ মুম্বাইত বাণিজ্যিক গেছৰ নতুন মূল্য ৫ টকা হ্ৰাস পাই ১৫৪২ টকা হৈছে।

যদিও বাণিজ্যিক গেছৰ মূল্য হ্ৰাস পাইছে, তথাপিও ঘৰুৱা গেছৰ ব্যৱহৃত গেছৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। উল্লেখযোগ্য যে ২০২৪ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী দিৱসত ৰন্ধন গেছৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল। তাৰ পাছত মাহৰ পাছত মাহ ধৰি ৰন্ধন গেছৰ মূল্যৰ কোনো পৰিৱৰ্তন নহল। যোৱা এপ্ৰিল মাহত কেন্দ্ৰটোৱে একে সময়তে ৫০ টকাকৈ মূল্য বৃদ্ধি কৰিছিল। যাৰ বাবে মধ্যবিত্ত শ্ৰেণীটোৱে স্বাভাৱিকতে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল। আশা কৰা হৈছিল যে পূজাৰ পূর্বে ঘৰে ঘৰে ব্যৱহৃত গেছৰ দাম কমি যাব পাৰে৷ কিন্তু সেয়া নহল। নতুন মাহতো কলকাতাত ১৪.২ কেজিৰ চিলিণ্ডাৰৰ মূল্য ৮৭৯ টকাত আছে।