NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

কৃষ্ণ সাগৰত ৰাছিয়ান সেনাৰ দুখন টহলদাৰী নাও ধ্বংস কৰিলে কিয়েভে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2022 8:01 pm
Russia-Ukraine war

ড্ৰোণ আক্ৰমণেৰে কৃষ্ণ সাগৰৰ স্নেক দ্বীপৰ ওচৰত ৰাছিয়ান সেনাৰ দুখন টহলদাৰী নাও ধ্বংস কৰে ইউক্ৰেইনে। এই সামৰিক সাফল্যৰ এক ভিডিঅ’ও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে কিয়েভে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিবৃতিত কয়, “স্নেক আইলেণ্ডৰ ওচৰত আজি পুৱা দুখন ৰাছিয়ান ৰেপ্টৰ নাও ধ্বংস কৰা হয়।”

উল্লেখ্য যে এই ৰেপ্টৰ পেট্ৰ’ল নাওবোৰে ২০ জন কৰ্মচাৰী কঢ়িয়াই নিব পাৰে। এই নাওবোৰ সাধাৰণতে মেচিনগানেৰে সজ্জিত কৰা হয় আৰু পুনৰীক্ষণ বা অৱতৰণ অভিযানত ব্যৱহাৰ কৰা হয়।

 

চলিত মাহৰ মাজভাগত মস্কভা নামৰ ৰাছিয়াৰ জাহাজখন কৃষ্ণ সাগৰত ডুব গৈছিল। মস্কোৱে জাহাজখনত বিস্ফোৰণ হোৱা বুলি বিবৃতি দিছিল।

আনহাতে ইউক্ৰেইনে ৰাছিয়াৰ বিবৃতিক মিথ্যা আখ্যা দি যুদ্ধ জাহাজখন ইউক্ৰেইনৰ মিছাইল আক্ৰমণত ধ্বংস হৈছিল বুলি দাবী কৰিছিল।