NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড: পাঁচ মে’ত খেৰীত সমবেত হ’ব সহস্ৰাধিক কৃষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2022 7:21 pm
Lakhimpur Kheri violence

আন এক কৃষক বিদ্ৰোহৰ অভিকেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ প্ৰদেশ। চলিত মাহৰ ৫ তাৰিখে ৰাজ্যখনৰ লখিমপুৰ খেৰী কঁপাবলৈ সাজু হৈছে সহস্ৰাধিক কৃষক।

যোৱা বৰ্ষৰ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ডৰ বলি হোৱা কৃষকৰ ন্যায়ৰ দাবীত কেইবা হাজাৰ কৃষক সমবেত হ’ব খেৰীত।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰত কৃষকক গাড়ীয়ে মহতীয়াই নিছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই। উক্ত ঘটনাত চাৰিজনকৈ কৃষকৰ মৃত্যু হৈছিল।

ভাৰতীয় কিষাণ ইউনিয়নে খেৰীৰ ঘটনাত নিহত হোৱা কৃষকসকলৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে। ইউনাইটেড কিষাণ মৰ্চাৰ বেনাৰত সংঘৰ এটা প্ৰতিনিধি দল ৫ মে’ত চাৰিখন ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ সৈতে লখিমপুৰ খেৰীত উপস্থিত হ’ব।

ভাৰতীয় কিষাণ ইউনিয়ন (পঞ্জাৱ)ৰ সাধাৰণ সম্পাদক হৰিন্দৰ সিং লাখোৱালে এই ঘোষণা কৰিছে। তেওঁ লগতে কয় যে প্ৰতিনিধি দলটোৱে ৫ মে’ত হত্যাকাণ্ডত নিহত কৃষক সকলৰ পৰিয়ালকো লগ কৰিব।

উল্লেখ্য যে উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰক যোৱা ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল কৃষক পৰিয়ালসমূহ।

ইয়াৰ পিছতে চলিত মাহৰ প্ৰথমাৰ্ধত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ আদেশ নাকচ কৰি আশীষ মিশ্ৰৰ জামিন বাতিল কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আশীষ মিশ্ৰই যোৱা ২৪ এপ্ৰিলত আদালতত আত্মসমৰ্পণ কৰে।