NORTHEAST NOW (Assamese)
অসম

মদ্যপানক লৈ কাজিয়া, কোটিপতি বিড়ি ব্যৱসায়ী পিতৃক ‘হত্যা’ কৰি পুত্ৰই নিজেও ল’লে চৰম সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2025 12:58 pm

পিতৃ এজন কোটিপতি বিড়ি ব্যৱসায়ী। তেওঁকেই নিজৰ পুত্ৰই গুলীয়াই হত্যা কৰিলে! নিজেও আত্মহত্যাও কৰিলে। উত্তৰ প্ৰদেশত এক হাই প্ৰফাইল হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, পুত্ৰৰ অত্যধিক মদ্যপানক লৈ পিতৃয়ে গালি-গালাজ কৰি আছিল। সেই সময়ত কাজিয়াৰ মাজতে অভিযুক্তই গুলীচালনা কৰে।

কোটিপতি সুৰেশ চান্দ আগৰৱালৰ গুলীবিদ্ধ অৱস্থাত মৃত্যু হৈছে। ১৯৭৭ চনত প্ৰতিষ্ঠা হোৱা তেওঁৰ বিড়ি ব্ৰেণ্ড ‘দীনেশ ৫৫৫’ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ডকে ধৰি সমগ্ৰ হিন্দী হৃদপিণ্ডৰ অন্যতম জনপ্ৰিয় বিড়ি ব্ৰেণ্ড।

সুৰেশ চান্দ কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। তেওঁৰ পুত্ৰ নৰেশ আগৰৱালাৰ আছিল অত্যধিক মদ্যপানৰ অভ্যাস। এই কাৰণেই পিতৃ-পুত্ৰৰ মাজত অশান্তিৰ সৃষ্টি হৈয়েই আছিল।

জানিব পৰা মতে, শুকুৰবাৰে নৰেশৰ পুনৰ সুৰেশৰ সৈতে অত্যধিক মদ্যপানক লৈ কাজিয়া হৈছিল। খঙত তেওঁ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে গুলীচালনা কৰে। তেনেকৈয়ে বিড়ি টাইকুন সুৰেশ চান্দ আগৰৱালৰ মৃত্যু ঘটে।

ঘটনাটো ইয়াতেই শেষ নহ’ল। পিতৃক হত্যা কৰা বুলি গম পোৱাৰ লগে লগে নৰেশে ৰিভলভাৰৰ নলীটো নিজৰ ফালে ঘূৰাই নিজকে গুলীয়াই দিলে। মূৰত গুলীৰ আঘাতত তেওঁৰো মৃত্যু হয়।

দুয়োজনৰ ক্ষেত্ৰতে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱাৰ হাতত সময় নাছিল। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।