NORTHEAST NOW (Assamese)
অসম

“ৰাইজক মজা দিয়াবোৰক, এইবাৰ ৰাইজে মজা দিব”–ফেচবুক পোষ্টত গৌৰৱ গগৈৰ নতুন বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2025 1:31 pm

সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত উপ দলপতি গৌৰৱ গগৈ শেহতীয়াকৈ অতি সক্ৰিয়। টুইটাৰ, ফেচবুক আদিৰ জৰিয়তে নেতাগৰাকীয়ে দলটোৰ স্থিতি আৰু নীতিৰ লগতে দলৰ নতুন ৰণ কৌশলৰ ইংগিতো দাঙি ধৰে।

সোমবাৰে গৌৰৱ গগৈয়ে ফেচবুকত দিয়া এটা পোষ্টত কৈছে যে, “ৰাইজক মজা দিয়াবোৰক, এইবাৰ ৰাইজে মজা দিব।” ইয়াৰ দ্বাৰা তেওঁ শাসকপক্ষক ৰাইজে আগন্তুক নিৰ্বাচনত এশিকনি দিব বুলি ইংগিত দাঙি ধৰিছে। গগৈয়ে আজি (১০ নৱেম্বৰ) ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৮ হাজাৰতকৈও অধিক লোকে কংগ্ৰেছত যোগদান কৰিব বুলিও জানিবলৈ দিয়ে।

গৌৰৱ গগৈয়ে তেওঁৰ ফেচবুক পোষ্টটোত লিখিছে-

‘’আজি ১০ নৱেম্বৰ।

মই কথা দিয়া মতে, আজিও অসমৰ বিভিন্ন প্ৰান্তত ৮০০০তকৈও অধিক বিভিন্ন দল-সংগঠনৰ ৰাইজে কংগ্ৰেছ দলত যোগদান কৰিব।

যোৱা ছেপ্টেম্বৰ মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত লৈছিল যে প্ৰতিমাহৰ ১০ তাৰিখে বিভিন্ন দল-সংগঠনৰ লগতে অন্য ৰাজনৈতিক দলৰ নেতাসকলক কংগ্ৰেছ দলত যোগদান কৰোওৱা হ’ব। যোৱা ১০ ছেপ্টেম্বৰত আৰু ১০ অক্টোবৰত আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিলো আৰু আজি ১০ নৱেম্বৰতো তাৰেই পুনৰাবৃত্তি ঘটিব।

আজি ৮০০০ৰো অধিক লোক আমাৰ সৈতে সংযুক্ত হ’ব, আমি আশা কৰাতকৈও ৰাইজৰ ব্যাপক হাৰত সঁহাৰি লাভ কৰিছোঁ। যি আমাৰ বাবে শুভ লক্ষণ আৰু শাসকীয় পক্ষৰ বাবে উদ্বেগৰ কাৰণ।

আমি এক নতুন অসম গঢ়ি তোলাৰ পথত — এক নতুন অসম, য’ত মানুহে শান্তি আৰু আত্মসন্মানবোধেৰে গৌৰৱৰে জীৱন যাপন কৰিব।‘’