NORTHEAST NOW (Assamese)
অসম

ডকমকা কাণ্ডৰ তীব্ৰ গৰিহণা সাংসদ উৰখাও গৌৰা ব্ৰহ্মৰ

Posted by: ৰিনয় বসুমতাৰী June 12, 2018 9:46 pm
nilotpal-das-abhijeet-nath-who-were-lynched-death-karbi-anglong

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা য়ুনাইটেড পীপ্‌ল’ছ পাৰ্টী লিবাৰেলৰ সভাপতি উৰখাও গৌৰা  ব্ৰহ্মই কাৰ্বি আংলং কাণ্ডৰ গৰিহণা দিছে। তেওঁ কয় যে ডকমকা কাণ্ডই আমাক অন্ধ বিশ্বাস আৰু অপকৰ্মৰ নামৰ বেমাৰটোৰ বিপক্ষে একত্ৰিত হোৱাৰ বাবে সুযোগ প্ৰদান কৰিছে। এই ঘটনাটোক এটা সাম্প্ৰদায়িক ৰং প্ৰদান কৰাৰ বিপৰীতে আমি এনেধৰণৰ বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে।

প্ৰাক্তন সাংসদগৰাকীয়ে নীলোৎপল আৰু অভিজিতৰ সাম্প্ৰদায়িক ঘৃণাৰ নহয়, অন্ধবিশ্বাসৰ বলি হোৱা বুলি অভিহিত কৰে।

কিন্তু এচাম লোকে ঘটনাটোক সাম্প্ৰদায়িকতাৰ ৰহণ দিবলৈ অহোপুৰুষাৰ্থ কৰি থকা বুলি তেওঁ কয়। যিহেতু নীলোৎপল আৰু অভিজিত দুয়োজন সাংসকৃতিক ক্ষেত্ৰখনৰ পৰা আহিছিল, সেয়েহে এই ঘটনাটোৰ প্ৰতিক্ৰিয়া সাংস্কৃতিক ভাৱেহে দিব লাগে, হিংসাৰে নহয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

১৯৮৮-৮৯ চনৰ বড়ো আন্দোলনৰ সময়চোৱাত এটা সুৰবাহিনীয়ে সংগীতৰ সহায়ত মানুহক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ স্মৃতি ৰোমান্থন কৰি তেওঁ এই সমস্যাটোকো সেইদৰে সংগীতৰ ভাষাৰে সমাধান কৰাৰ চেষ্টা কৰিব লাগে বুলি কয়।

সংগীতৰ সুদূৰ-প্ৰসাৰী আৰু শ্বাশ্বত শক্তিয়ে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি তেওঁ কয়।

অপকৰ্ম আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰি সমাজক আগবঢ়াই নিবলৈ চৰকাৰ এয়াই প্ৰকৃষ্ট সময় বুলি প্ৰাক্তন সাংসদগৰাকীয়ে কয়। তথাকথিত ছ’চিয়েল মিডিয়াই সমাজক ধ্বংসাত্মক পৰিণতিলৈ আগবঢ়াই নিয়ে বুলি কৈ সাংসদগৰাকীয়ে কয়,’’আপুনি ই যদি কাৰোবালৈ এটা আঙুলি টোৱায়, তেন্তে বাকী সকলো আঙুলি আপোনালৈ টোৱাব’’।

ছ’চিয়েল মিডিয়াৰ অনুগত নহৈ, বিৱেচনাৰ অনুগত হ’বলৈ আৰু কোনো জাতি বা সম্প্ৰদায় নহয়, সমাজৰ বেমাৰৰ বিৰুদ্ধে ঠিয় হ’বলৈ ৰাইজক তেওঁ বিনম্ৰ আৱেদন জনায়।