NORTHEAST NOW (Assamese)
দেশ

বলীউডৰ তাৰকা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা মুক্তি : ঘৰতে চলিব চিকিৎসা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2025 3:10 pm

দীৰ্ঘদিন চিকিৎসা চলি থকাৰ পিছত বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। পৰিয়ালৰ সিদ্ধান্ত অনুসৰি, তেওঁৰ আগন্তুক চিকিৎসা ঘৰতে কৰা হব।

মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ৮৯ বছৰীয়া অভিনেতাগৰাকীক বুধবাৰে পুৱা ৰিলিজ দিয়া হয়। তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা ডাঃ প্ৰতীত সামদানীয়ে পিটিআইক এই তথ্য নিশ্চিত কৰি কয়, “ধৰ্মেন্দ্ৰ জীক পুৱা প্ৰায় ৭.৩০ বজাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। পৰিয়ালে ঘৰতে চিকিৎসা দিয়াৰ সিদ্ধান্ত লোৱা বাবে তেওঁক এতিয়া ঘৰতে চিকিৎসা কৰা হব।”

কেইবা সপ্তাহ ধৰি হাস্পতালত থকাৰ পিছত ধৰ্মেন্দ্ৰক পৰিয়ালে ঘৰলৈ নিয়াৰ সিদ্ধান্ত লয়। অভিনেতাগৰাকীৰ আৰোগ্য কামনা কৰি অনুৰাগীসকলে অবিৰতভাৱে প্ৰাৰ্থনা জনাই আহিছে।

চিকিৎসালয়ত থকাৰ সময়ছোৱাত ধৰ্মেন্দ্ৰৰ লগত তেওঁৰ পৰিয়ালৰ সদস্যসকলক দেখা গৈছিল। যোৱা মঙলবাৰে সন্ধ্যা তেওঁৰ পত্নী হেমা মালিনী আৰু কন্যা ঈশা দেউলে অভিনেতাজনক চাবলৈ আহিছিল। ইয়াৰ উপৰিও, ছানী দেউলৰ দুই সন্তান আৰু ববি দেউল তেওঁৰ পত্নীৰ সৈতে হাস্পতালত উপস্থিত আছিল।

বলীউডৰ আন তাৰকা যেনে আমিৰ খান, শ্বাহৰুখ খান আৰু ছলমান খানেও ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ বুজ লৈছিল।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ছচিয়েল মিডিয়াত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ভুৱা খবৰ প্ৰচাৰ হৈছিল, যিটো খবৰ তেওঁৰ পত্নী হেমা মালিনী আৰু কন্যা ঈশা দেউলে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। হেমা মালিনীয়ে এই ভুৱা বাতৰিৰ বাবে এক্স যোগে ক্ষোভ প্ৰকাশ কৰিছিল।

বৰ্তমান অভিনেতাজনক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে যদিও তেওঁৰ স্বাস্থ্যৰ বৰ্তমানৰ সঠিক অৱস্থা সম্পৰ্কে সবিশেষ তথ্য জনোৱা হোৱা নাই।