NORTHEAST NOW (Assamese)
দেশ

দিল্লী বিস্ফোৰণৰ পিছত কংগ্ৰেছে বিচাৰিছে সৰ্বদলীয় বৈঠক, সংসদৰ শীতকালীন অধিৱেশন আগুৱাই দিয়াৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2025 6:27 pm

দিল্লীৰ বিস্ফোৰণৰ পৰিস্থিতিত কংগ্ৰেছে অতি শীঘ্ৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে। ইয়াৰ উপৰিও, তেওঁলোকে সংসদৰ শীতকালীন অধিৱেশনৰ তাৰিখো আগবঢ়াই অনাৰ বাবে আহ্বান জনাইছে।

বৃহস্পতিবাৰে এই আহ্বান জনাই কংগ্ৰেছে কয় যে দিল্লী বিস্ফোৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সোনকালে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা উচিত।

কংগ্ৰেছৰ নেতা পৱন খেৰাই মুম্বাই আক্ৰমণৰ পাছত তেতিয়াৰ গৃহমন্ত্ৰী শিৱৰাজ পাটিলে পদত্যাগ কৰা ঘটনাটো সোঁৱৰাই দি দাবী কৰিছে যে এই ঘটনাৰ বাবে চৰকাৰৰে দায়িত্ব স্বীকাৰ কৰা উচিত।

খেৰাই কয়, “জঙ্গি আক্ৰমণৰ সময়ত আমি সদায় চৰকাৰৰ কাষত থিয় দিছো আৰু ভৱিষ্যতেও থাকিম। কিন্তু আমাৰ কৰ্তব্য হল এইটো কাৰ বিফলতা আৰু ইয়াৰ দায়িত্ব কোনে লব সেই প্ৰশ্ন উত্থাপন কৰা।”

তেওঁ পুনৰ কয়, “আমি সংসদ অধিৱেশন গুৱাই অনাৰ দাবী জনাইছো। এইটো এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আৰু সংসদত এই বিষয়ে আলোচনা কৰা উচিত।”

খেৰাই মনত পেলাই দিয়ে যে পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্ধুৰ পাছত, চৰকাৰে ঘোষণা কৰিছিল যে যিকোনো সন্ত্রাসবাদী আক্ৰমণক দেশৰ বিৰুদ্ধে যুদ্ধ হিচাপে গণ্য কৰা হব। তেওঁ চৰকাৰক এতিয়াও সেই নীতি মানি চলে নে নাই সুধিছে।

উল্লেখ্য যে, বুধবাৰে কেন্দ্ৰীয় চৰকাৰে লালকিল্লাৰ ওচৰত হোৱা বিস্ফোৰণটোক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনা বুলি অভিহিত কৰিছিল। এই ঘটনাত ১৩ জন লোক নিহত হৈছিল। ভূটানৰ পৰা উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক কৰি তদন্তকাৰী সংস্থাসমূহক সৰ্বাধিক পেছাদাৰীত্বৰে এই আক্ৰমণৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।