NORTHEAST NOW (Assamese)
Popular Stories

লগ নেৰিছে দুখে! ৰোহিনীৰ পাছত আৰু তিনিগৰাকী কন্যাই এৰিলে লালুৰ ঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2025 6:29 pm

শনিবাৰে লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিনী আচাৰ্যই দল আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰে। তাৰ পিছত দেওবাৰে লালু প্ৰসাদ যাদৱৰ পৰিয়ালত বিভাজন তীব্ৰতৰ হৈ পৰে। জানিব পৰা মতে, লালুৰ আৰু তিনিগৰাকী কন্যা ৰাজলক্ষ্মী, ৰাগিনী আৰু চন্দাই সন্তানসহ পাটনাৰ ঘৰ এৰি থৈ দিল্লীলৈ যায়। ইয়াৰ দ্বাৰা বিহাৰৰ আটাইতকৈ বিখ্যাত ৰাজনৈতিক পৰিয়ালটোৰ বিভাজনৰ ছাঁ স্পষ্টকৈ দেখা গৈছে।

ইয়াৰ পূৰ্বে ৰোহিনীয়ে পৰিয়ালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। ছচিয়েল মিডিয়াত ৰোহিনীয়ে কৈছিল যে ৰোহিনীঅশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰা হৈছিল। অভিযোগ অনুসৰি ৰোহিনীক প্ৰহাৰ কৰিবলৈও ৰোহিনীৰ ওপৰত জোতা নিক্ষেপ কৰা হৈছিল। যদিও ৰোহিণীয়ে পৃথকে কাৰো নাম উল্লেখ কৰা নাছিল।

বিশেষজ্ঞসকলৰ মতে, লালুৰ পৰিয়ালত দীৰ্ঘদিন ধৰি বিভাজনৰ সৃষ্টি হৈছিল। কেইমাহমানৰ পৰা ৰোহিনীৰ সৈতে দল আৰু পৰিয়ালৰ মাজত বিভাজন বাঢ়ি আহিছিল। লালুৰ কন্যাই পিতৃ আৰু ভাতৃ তেজস্বী যাদৱকে ধৰি দলটোৰ প্ৰাক্তন হেণ্ডেলসকলক আনফ কৰিছিল। ইয়াৰ লগতে ৰোহিনীয়ে লালুক বৃক্ক দান কৰিছিল নেকি তাক লৈও বিতৰ্ক চলিছিল।

ইফালে ৰোহিনীৰ পিছত লালুৰ আন তিনিগৰাকী কন্যাই পৰিয়াল এৰি আঁতৰি গৈছে। অৱশ্যে তেওঁলোকে এতিয়াও সংবাদ মাধ্যমৰ সৈতে কথা পতা নাই। কাৰ্যতঃ মনে মনে ঘৰৰ পৰা ওলাই গৈছে।