NORTHEAST NOW (Assamese)
অসম

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক আটক, নিৰ্দিষ্ট কাৰণ সদৰী কৰা নাই আৰক্ষীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2025 12:37 pm

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক শনিবাৰে ফেডাৰেল আৰক্ষীয়ে আটক কৰি ৰাখিছে বুলি তেওঁৰ অধিবক্তা চেলছ’ ভিলাৰ্ডিয়ে সংবাদ সংস্থাৰ আগত নিশ্চিত কৰিছে।

আটক কৰাৰ নিৰ্দিষ্ট কাৰণ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই অধিবক্তাগৰাকীয়ে। অৱশ্যে বিষয়টোৰ সৈতে পৰিচিত এক সূত্ৰই কয় যে এয়া তেওঁৰ গৃহবন্দীত্বৰ চৰ্তৰ সৈতে জড়িত প্ৰতিৰোধমূলক ব্যৱস্থা।

ফেডাৰেল আৰক্ষীৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, শনিবাৰে পুৱা ব্ৰাছিলিয়াত বলছ’নাৰোৰ প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে।

২০১৯ চনৰ পৰা ২০২২ চনলৈকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আছিল জেইৰ বলছ’নাৰো। ২০২২ চনৰ নিৰ্বাচনত বাওঁপন্থী নেতা লুলা দা চিলভাৰ হাতত পৰাস্ত হয়।

ক্ষমতাত থকা অৱস্থাত অভ্যুত্থানৰ ষড়যন্ত্ৰত জড়িত থকাৰ অপৰাধত ছেপ্টেম্বৰ মাহত তেওঁক ২৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কিন্তু সেই গোচৰত এতিয়াও চূড়ান্ত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হোৱা নাই, কাৰণ বলছ’নাৰোৱে নিজৰ আপীল প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই।

এটা সুকীয়া গোচৰত তেওঁ ১০০ দিনতকৈ অধিক সময় ধৰি গৃহবন্দী হৈ আছে। অভিযোগ কৰা হৈছে যে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ তেওঁ আমেৰিকাৰ হস্তক্ষেপ বিচাৰিছিল।

বাতৰি অনুসৰি, সোঁপন্থী প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ফলত ব্ৰাজিল আৰু আমেৰিকাৰ মাজত উত্তেজনা সৃষ্টি হ’ব পাৰে।

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰে যে তেওঁ বলছ’নাৰো দোষী সাব্যস্ত হোৱাৰ ঘটনাত আচৰিত আৰু অসন্তুষ্ট।