NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্ঘেৰিটাত নৃশংসভাৱে হত্যা এজন বৌদ্ধভিক্ষুক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 23, 2025 12:49 pm

উচ্চ অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমীপত থকা ইনথেম মুংগোং বুদ্ধ বিহাৰত এগৰাকী জ্যেষ্ঠ বৌদ্ধভিক্ষুক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৌদ্ধ বিহাৰখনৰ অধ্যক্ষ ইন্দৰবংশ মহাথেৰা নামৰ সন্ন্যাসীজনক শুকুৰবাৰৰ সন্ধিয়াৰ ভাগত তেওঁৰ কোঠাত বিছনাতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে নিশ্চিত কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত এই ঘটনাত দুৰ্বৃত্তই কুঠাৰেৰে অতি নিৰ্মমভাৱে বৌদ্ধ ধৰ্মগুৰুগৰাকীক হত্যা কৰে। মৃতদেহৰ কাষতে তেজৰ দাগ লাগি থকা এখন কুঠাৰ উদ্ধাৰ হৈছে, যিয়ে এক নিৰ্মম আক্ৰমণৰ ইংগিত দিছে। মাৰ্ঘেৰিটা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই শান্ত আধ্যাত্মিক স্থানত সংঘটিত হোৱা ট্ৰেজেডীয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। মৃত বৌদ্ধ ভিক্ষুগৰাকীৰ ঘৰ তিতাবৰৰ পহুকটিয়া শ্যামগাঁৱত বুলি জানিব পৰা গৈছে।

স্থানীয় আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ বা দোষী কোন সেই বিষয়ে বৰ্তমানলৈকে কোনো স্পষ্ট তথ্য লাভ কৰা নাই। ফৰেনছিক বিশেষজ্ঞসকলে হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰ আৰু অন্যান্য প্ৰমাণসমূহ পৰীক্ষা কৰি আছে। আৰক্ষীয়ে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ইফালে, এই নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী কৰি সদৌ চিংফৌ ছাত্ৰ সন্থাই (AASSU) প্ৰশাসনক ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰিছে যে অন্যথা তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। বৌদ্ধ সমাজে তেওঁলোকৰ শান্ত স্বভাৱৰ আধ্যাত্মিক নেতাজনক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰি শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে।